নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ হজৰত খণ্ডকাৰ পীৰ দৰগাহত চোৰ

গুৱাহাটী ১৮ নৱেম্বৰঃ সাধাৰণ লোকৰ ঘৰটো বাদেই এইবাৰ চোৰৰ চকু মন্দিৰ মচজিদ আৰু দৰগাহ। তেনেই এক ঘটনা ঘটিল শিৱসাগৰৰ জিলাত। শিৱসাগৰ জিলাৰ খণ্ডকাৰ পীৰ দৰগাহৰ মুখ্য দুৱাৰ ভাঙি দৰগাহত চোৰে প্ৰৱেশ কৰি তাত থকা দান পাত্ৰ ভাঙি পইচা লৈ যায়। ঘটনাস্থলীত…

সোমবাৰৰ পৰা আৰম্ভ হ’ল লোকসভাৰ শীতকালিন অধিৱেশন

নিউজ ডেস্ক, ১৮ নৱেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে লোকসভাৰ শীতকালীন অধিৱেশন ৷ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, জম্মু-কাশ্মীৰৰ প্ৰসংগক লৈ বিৰোধীয়ে সদনত চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে মোদী চৰকাৰে এই শীতকালীন অধিৱেশনতে বহু…

হাৰিয়ানাৰ নৱগঠিত চৰকাৰৰ সকলো মন্ত্ৰী কোটিপতি

নিয়মীয়া বাৰ্তা,১৮ নৱেম্বৰঃ হাৰিয়ানাৰ নৱগঠিত বিজেপি-জেজেপি মৰ্চা চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে কোটিপতি । শেহতীয়াকৈ এছ'চিয়েচন ফ'ৰ ডেম'ক্ৰেটিক ৰিফ'মৰ্ছৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে । দুখীয়া জনসাধাৰণৰ উন্নয়নৰ বিভিন্ন প্ৰতিশ্ৰুতিৰে ৰাজ্যখনত…

ৰাজস্থানত বাছ- ট্ৰাকৰ মুখামুখী সংঘৰ্ষ

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ ৰাজস্থানত শোকাৱহ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা বাছ আৰু ট্ৰাকৰ মুখামুখী সংঘৰ্ষত ১০ জন লোক নিহত হোৱাৰ উপৰিও ২২ জন গুৰুত্বভাৱে আহত হয়। বিকানেৰ জিলাৰ শ্ৰী দুৰ্গাগড় সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষী সূত্ৰত…

“আই এ এ এফ”ৰ পৰিৱৰ্তে নতুন নাম বিশ্ব এথলেটিক্ছ

নিউজডেস্ক, ১৮ নৱেম্বৰঃ নাম সলনি হ'ল ইণ্টাৰ্নেশ্ব্যনেল এছ'চিয়েশ্বন অৱ এথলেটিক্ছ ফেডাৰেশ্বন চমুকৈ "আই এ এ এফ"-ৰ । এক বিবৃতিত প্ৰকাশিত তথ্য মতে আন্তৰ্জাতিক এছ'চিয়েশ্বন অৱ এথলেটিক্ছ ফেডাৰেশ্বন চমুকৈ "আই এ এ এফ"ক এতিয়াৰ পৰা বিশ্ব এথলেটিক্ছ…

বিপদ

সাম্প্ৰতিক বিশ্বত সৰ্বাধিক চৰ্চিত বিষয়সমূহৰ অন্যতম হ'ল প্ৰদূষণ । বিশেষকৈ গোলকীয় উষ্ণতাৰ সমান্তৰালকৈ বায়ুমমণ্ডলত বিয়পি পৰা বিষবাষ্পই মানুহ তথা জীৱকুললৈ অশনি সংকেত কঢ়িয়াই আনিছে । বিগত সময়ছোৱাত বায়ু প্ৰদূষণ, জল প্ৰদূষণ, শব্দ প্ৰদূষণ আদি ৰোধ…

মাৰ্চত বিক্ৰী হ’ব এয়াৰ ইণ্ডিয়া-ভাৰত পেট্ৰ’লিয়াম

নিউজডেস্ক, ১৮ নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক বৃদ্ধিৰ হাৰ ভয়াৱহভাৱে নিম্নগামী হোৱাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজহুৱা প্ৰতিষ্ঠান ব্যক্তিগত মালিকৰ ওচৰত বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে । চৰকাৰৰ এনে তৎপৰতাৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে…

৪৮ বছৰীয়া হ’ল যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ

নিয়মীয়া বাৰ্তা, ১৮ নৱেম্বৰঃ সোমবাৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ জন্মদিন । ১৯৭২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে আজি ৪৮ বছৰত ভৰি দিলে । প্ৰিয় শিল্পীজনৰ জন্মদিনটোৰ দিনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন অনুৰাগীসকলে আয়োজন কৰিছে বিভিন্ন…

মেঘালয়ত ৯৫ বছৰ পুৰণি গিৰ্জাত জুইঃ দম্পতীৰ মৃত্যু

নিউজডেস্ক, ১৮ নৱেম্বৰঃ মেঘালয়ৰ ৯৫ বছৰ পুৰণি এটা গিৰ্জাঘৰত দেওবাৰে সন্ধ্যা অগ্নিকাণ্ড সংঘটিত হয় । ৰাজ্যখনৰ কুৱালাপট্টি অঞ্চলত থকা এই গিৰ্জাত জুই লগাৰ পাছত কাষতে বাস কৰা এক দম্পতীৰ জুই আৰু ধোঁৱাৰ মাজত উশাহ-নিশাহ বন্ধ হৈ মৃত্যুমুখত পৰে ।…

মুখ্য ন্যায়াধীশ ৰূপে দায়িত্ব ল’লে এছ এ ব’বডেই

নিউজডেস্ক, ১৭ নৱেম্বৰঃ সোমবাৰে উচ্চতম ন্যায়ালয়ৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব ল'লে জেষ্ঠ ন্যায়াধীশ শাৰদ অৰবিন্দ ব'বডেই । দেওবাৰে অৱসৰ গ্ৰহণ কৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ পৰা দায়িত্ব গ্ৰহণ কৰে এছ এ ব'বডেই । মহাৰাষ্ট্ৰৰ নাগপুৰত…