নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোমবাৰৰ পৰা আৰম্ভ হ’ল লোকসভাৰ শীতকালিন অধিৱেশন

নিউজ ডেস্ক, ১৮ নৱেম্বৰঃ সোমবাৰৰ পৰা আৰম্ভ হৈছে লোকসভাৰ শীতকালীন অধিৱেশন ৷ দেশৰ অৰ্থনৈতিক মন্দাৱস্থা, নিৱনুৱা সমস্যা, জম্মু-কাশ্মীৰৰ প্ৰসংগক লৈ বিৰোধীয়ে সদনত চৰকাৰক তীব্ৰ প্ৰত্যাহ্বান জনোৱাৰ বিপৰীতে মোদী চৰকাৰে এই শীতকালীন অধিৱেশনতে বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ চেষ্টা চলাব ৷

এইবাৰৰ শীতকালীন অধিৱেশনত উত্থাপন তথা গৃহীত হ’বলগীয়া কেইখনমান গুৰুত্বপূৰ্ণ বিধেয়ক হ’ল ক্ৰমে

  • নাগৰিকত্ব সংশোধনী বিধেয়ক 2019
  • ব্যক্তিগত তথ্য সংৰক্ষণ বিধেয়ক 2019
  • অস্ত্ৰ বিধেয়ক 2019
  • কীটনাশক পৰিচালনা বিধেয়ক 2019, ইত্যাদি
You might also like