নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ছবিগৃহলৈ আহিব ‘ইপাৰ-সিপাৰ’

নিয়মীয়া বাৰ্তা, ১৫ নৱেম্বৰঃ অসমীয়া ছবিজগতৰ বাবে সুখবৰ । চলিত বৰ্ষত জুবিন গাৰ্গৰ কাঞ্চনজংঘা, যতীন বৰাৰ ৰত্নাকৰ আদিয়ে বিশেষ সফলতা লাভ কৰি অসমীয়া ছবি জগতলৈ সুখৰ দিন ঘূৰাই অনাৰ পিছতেই শুকুৰবাৰে মুক্তি লাভ কৰিব আন এখন অসমীয়া ছবি  'ইপাৰ-সিপাৰ' ।…

১৮ নৱেম্বৰৰ পৰা সংসদৰ অধিৱেশনঃ আহিব CAB!

নিউজডেস্ক, ১৫ নৱেম্বৰঃ বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখন অহা ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া সংসদৰ শীতকালিন অধিৱেশনত উত্থাপন কৰা হ'ব । বৃহস্পতিবাৰে লোকসভাৰ কাৰ্যক্ৰমণিকাৰ ১৬ সংখ্যক বিধেয়ক হিচাপে নাগৰিকত্ব সংশোধনী বিধেয়কখন…

বিশ্বনাথত জিলা পৰিবহণ বিভাগে ৫ টা অবৈধ ডিলাৰত লগালে তলা

বিশ্বনাথ, ১৫ নৱেম্বৰঃ বিশ্বনাথ জিলা পৰিবহণ বিভাগে বৃহস্পতিবাৰে বহু কেইখন গাড়ীৰ ডিলাৰত অভিযান ‌চলায় ৷ এই অভিযানত জিলা পৰিবহণ বিষয়া মেহতাবুদ্দিন আলিৰ নেতৃত্বত যোৱা দলটোৱে ৫ খন ডিলাৰৰ কোনো উপযুক্ত নথি পত্ৰ নোপোৱাত ডিলাৰ কেইখনত তলা লগাই দিয়ে।…

লোহাৰঘাটত ২ বন্য হস্তীৰ কৰুণ মৃত্যু

গুৱাহাটী ১৪ নৱেম্বৰঃঅসম মেঘালয় সীমান্তৰ লোহাৰ ঘাটৰ মানিক পুৰত ২ টা বন্য হস্তীৰ মৃতদেহ উদ্ধাৰ। খাদ্যৰ সন্ধানত ওলাই আহিছিল হাতী দুটা।দুৰ্বৃত্তই লগাই থোৱা বৈদ্যুতিৰ তাঁৰত লাগি মৃত্যু হয় হাতী দুটাৰ।ঘটনাৰ সন্দৰ্ভত বনবিভাগৰ তদন্ত আৰম্ভ।

মহানগৰীত দিন ডকাইতি

গুৱাহাটীঃ মহানগৰীৰ তেতেলীয়াত দিন ডকাইতিৰ ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত সংঘটিত হৈছে এই ঘটনা। বাইকত অহা ডকাইতে লুটিলে প্ৰায় ৯ লাখ টকা এটা পে'ট্ৰল পাম্পৰ কৰ্মচাৰীয়ে বেংকত জমা থ'বলৈ গৈছিল ধনখিনি। ডকাইতৰ আক্ৰমণত আহত শংকৰ নামৰ এজন কৰ্মচাৰী।…

ইন্দোৰ টেষ্টত চালকৰ আসনত ভাৰত

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ ভাৰত আৰু বাংলাদেশৰ মাজত ইন্দোৰত অনুষ্ঠিত প্ৰথম খন টেষ্ট ক্ৰিকেটৰ প্ৰথমটো দিনত বাংলাদেশে আটাইকেইটা উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰিছে। দিনটোৰ অন্তলৈকে ভাৰতীয় দলটোৱে নিজৰ প্ৰথমটো উইকেট হেৰুৱাই ৮৬ ৰাণ সংগ্ৰহ কৰিছে।…

শিশু দিৱস উপলক্ষ্যে মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

গুৱাহাটী, ১৪ নৱেম্বৰঃ আজি শিশুদিৱস । দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে এই দিনটো শিশুদিৱস হিচাপে সমগ্ৰ দেশজুৰি পালন কৰা হয় । বৃহস্পতিবাৰে পুৱাই ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সকলো শিশুকে টুইট…

বৰ্তমানৰ চৰকাৰ উন্নয়নমূলক নহয়, উৎসৱমূলক চৰকাৰ

গুৱাহাটীঃ 'ৰঞ্জন গগৈয়ে এখন শুদ্ধ NRC দিব নোৱাৰিলে' সংবাদমেলত এই মন্তব্য তৰুণ গগৈৰ। CAB আহিলে অৰ্থহীন হৈ পৰিব NRC। NRC সম্পূৰ্ণ নোহোৱাকৈ প্ৰতীক হাজেলাক যাবলৈ দিব নালাগিছিল,এতিয়া NRC জীয়াই আছে নে নাই মই নাজানো' সংবাদমেলত কেইবাটাও গুৰুত্ৱপূৰ্ণ…

ঝাৰখণ্ডৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ নকৰে প্ৰিয়ংকা গান্ধীয়ে

নিউজ ডেস্ক ১৪ নৱেম্বৰঃ আগন্তক ঝাৰখণ্ডৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে নিজৰ প্ৰথম খন ৪০ জনীয়া তাৰকা প্ৰচাৰকৰ তালিকা প্ৰকাশ কৰিছে। কিন্তু আচৰিত ভাৱে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ নাম এই তালিকাৰ পৰা বাদ পৰিছে। এই তাৰকা…

বৰঝাৰত ৬৬৪ গ্ৰাম সোণ জব্দ

গুৱাহাটীঃ মহানগৰীৰ বৰঝাৰ বিমান বন্দৰত জৱ্দ ৬৬৪ গ্ৰাম সোণ জৱ্দ। আজমত আলী নামৰ লোকজনে আনিছিল সোণখিনি। CISFৰ দলে অভিযান চলাই জৱ্দ কৰে সোণখিনি। GO AIR নামৰ বিমানখনৰে দিল্লীলৈ সৰবৰাহৰ চেষ্টা চলাওতেই আটক কৰে লোকজনক। জৱ্দকৃত সোণখিনিৰ মূল্য প্ৰায়…