নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদ ভৱনত সাংসদৰ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ মুকলি

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ লোকসভাৰ শীতকালীন অধিৱেশন অব্যাহত থকাৰ সময়তে বুধবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মুকলি কৰে সাংসদৰ স্বাস্থ্য পৰীক্ষা কেন্দ্ৰ । এই স্বাস্থ্য পৰীক্ষা কেন্দ্ৰটো সকলো সাংসদৰ বাবে সংসদ ভৱনত উদ্বোধন কৰে অধ্যক্ষগৰাকীয়ে ।…

প্ৰকৃতি ধ্বংসৰ বিৰুদ্ধে মুকলি বিৰোধিতা যাদৱ পায়েঙৰ

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ বিৰোধিতাৰে প্ৰকৃতিপ্ৰেমীয়ে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । প্ৰস্তাৱিত দলংখন নিৰ্মাণৰ ফলত ব্ৰহ্মপুত্ৰ পাৰৰ দুই শতাধিক গছ কটা যাব ।…

গুটখাৰ বিক্ৰী বন্ধৰ সিদ্ধান্তক আদৰণি মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

গুৱাহাটী ২০ নৱেম্বৰঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ নিষেধাজ্ঞাৰ প্ৰতি সঁহাৰি জনাই মহানগৰীত বৃহত্তৰ গুৱাহাটী পাণদোকান ব্যৱসায়ী সন্থাই গুটখা, পাণমচলা বিক্ৰী নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুটখা আৰু পাণমচলাৰ প্ৰচলনৰ পৰা নৱপ্ৰজন্মক ৰক্ষা কৰাৰ…

বলাৎকাৰীৰ ৰূপত এজন চিকিৎসকঃ দুই শতাধিক নিৰ্যাতনৰ ঘটনাত জড়িত এওঁ কোন ?

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ ফ্ৰান্সত শিশুক যৌন নিৰ্যাতনৰ দৰে সবাতোকৈ ঘৃণনীয় গোচৰত প্ৰাক্তন চিকিৎসক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে । ৬৮ বছৰীয়া জুৱেল লে স্কুৱাৰনাক নামৰ প্ৰাক্তন চিকিৎসকগৰাকীয়ে কৰ্মৰত অৱস্থাত ২৫০ তকৈ…

গুৱাহাটীত ৪৬ গ্ৰাহকৰ আমানত ধন লুট

গুৱাহাটী ২০ নৱেম্বৰঃ বহিঃৰাষ্ট্ৰৰ পৰা চাইবাৰ অপৰাধীয়ে নিয়ন্ত্ৰণ কৰিছে এ টি এম হেকিং চক্ৰ। মঙলবাৰে কলকাতা আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত বহিঃৰাষ্ট্ৰৰ ৪জনকৈ হেকাৰক গ্ৰেপ্তাৰ পিছতে পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য। গুৱাহাটী মহানগৰ আৰক্ষীৰ অপৰাধ শাখা…

ৰাজহুৱা বেংকত ৯৫,৭৬০ কোটিৰ প্ৰৱঞ্চনা

নিয়মীয়া বাৰ্তা,২০ নৱেম্বৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে (আৰবিআই) ৰাজহুৱা খণ্ডৰ বেংকসমূহত সংঘটিত কেলেংকাৰী-অনিয়ম প্ৰতিৰোধৰ বাবে বিভিন্ন কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও ৰাজহুৱা খণ্ডৰ বেংকত সংঘটিত হৈ আছে প্ৰৱঞ্চনা । ২০১৯-২০ বিত্তীয় বৰ্ষৰ মাৰ্চ মাহৰ সামৰণিত…

সত্ৰীয়া শিল্পীক ভিক্ষাৰীৰ ৰূপত উপস্থাপন বাবুৰ

মাজুলীৰ সত্ৰীয়া সংস্কৃতিক চৰম অপমানৰ পাচতেই সত্ৰাধিকাৰ-ভক্ত বৈষ্ণৱ-সংগঠনৰ তীব্ৰ প্ৰতিক্ৰিয়া গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ দাখিল অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ২৪ ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী

বাংলাদেশক বিপদত পেলাব ছামীয়ে

নিউজ ডেস্ক ২০ নৱেম্বৰঃ কলকাতাত হবলগীয়া ঐতিহাসিক দিবা-নৈশ টেষ্টখনত বাংলাদেশৰ বেটছমেনক বিপদত পেলাবলৈ সাজু হৈছে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ মহম্মদ ছামী। দিবা-নৈশ টেষ্টখনত যাদুকৰী বলিঙেৰে বিপক্ষ দলটোৰ বেটছমেনসকলক বিপদত পেলাবলৈ সক্ষম হ'ব বুলি…

৪ টকাকৈ বৃদ্ধি পালে প্ৰতি লিটাৰ পূৰবী গাখীৰ

নিয়মীয়া বাৰ্তা, ২০ নৱেম্বৰঃ উত্তৰ-পূৰ্বাঞ্চলত দুগ্ধজাত সামগ্ৰীৰ উৎপাদনেৰে শ্বেত বিপ্লৱৰ সৃষ্টি কৰা জনপ্ৰিয় দুগ্ধ ব্ৰেণ্ড পূৰবী ডায়েৰীয়ে বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতিলিটাৰত ৪ টকাকৈ মূল্যবৃ্দ্ধি কৰিছে । আনহাতে গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই…

অসমত পুনৰ হ’ব এন আৰ চি

নিউজ ডেস্ক ২০ নৱেম্বৰঃ সংসদত চলি থকা শীতকালীন অধিৱেশনত আজি ৰাজ্যসভাত এন আৰ চিক আৰু নাগৰিকত্ব সংশোধনী বিল সমন্ধক লৈ সোধা এক প্ৰশ্ন উত্তৰত অমিত শ্বাহে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিলৰ মাজত পাৰ্থক্য বুজাই দিয়ে। এন আৰ চি ৰ সন্দৰ্ভত চৈয়দ…