নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীত এবছুৰ কার্যালয় জ্বলালে দুর্বৃত্তইঃ ক্ষুব্ধ ৰাইজে ভাঙিলে বি পি এফৰ কাৰ্যালয়

ক্ষুব্ধ ৰাইজে ভাঙিলে বিপিএফৰ কার্যালয়, আৰক্ষী–সেনা মোতায়েন

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ বাগ্সা জিলাৰ মহকুমা সদৰ শালবাৰীৰ সমীপৰ ৰূপহীত মঙলবাৰে নিশা এবছুৰ কার্যালয় জ্বলাই দিয়াক লৈ তীব্র উত্তেজনাৰ সৃষ্টি হয়৷ নিখিল বড়ো ছাত্র সন্থাৰ ৰূপহী আঞ্চলিক কার্যালয়ত নিশা প্রায় ৯.৩০ বজাত দুর্বৃত্তৰ দল এটা প্রৱেশ কৰি আচবাব, এখন বাইক, দুখন চাইকেল জ্বলাই দিয়াৰ লগতে কার্যালয়ৰ বহী–কিতাপ–কাগজ, কোঠা লণ্ডভণ্ড কৰে৷

সামগ্ৰী দণ্ডভণ্ড

নিশা ৰূপহী এবছুৰ কার্যালয়ত সংগঠনটোৰ কেইবাজনো সদস্য শুই থকা অৱস্থাত হঠাতে ১৫–২০জনীয়া এটা দুর্বৃত্তৰ দলে আক্রমণ কৰাৰ লক্ষ্যৰে প্রৱেশ কৰি অগ্ণিসংযোগ কৰে কার্যালয়ত থকা বাইক, চাইকেলৰ লগতে বিভিন্ন ধৰণৰ আচ–বাবত৷ দুর্বৃত্তৰ দলটোৱে জধেমধে অংগ্ণিসংযোগ কৰা প্রত্যক্ষ কৰি প্রাণৰ ভয়ত তৎমুহূর্ততে পলায়ন কৰে এবছু কার্যালয়ত শুই থকা সদস্যকেইজন৷

দুর্বৃত্তৰ দলটোৱে এফালৰ পৰা এবছু সদস্যই ব্যৱহাৰ কৰা এখন বাইক, দুখন চাইকেল, বহী–কাগজ, টিভি, টেবুল, বিছনা আদি জ্বলাই দিয়ে৷ ৰূপহী এবছুৰ সদস্যই এই ঘটনাত বিপিএফ দল জডিত থকাৰ অভিযোগ উত্থাপন কৰে৷ পুৱা স্থানীয় উত্তেজিত লোকে ৰূপহী যুৱ বিপিএফৰ কার্যালয় ভাঙি লণ্ডভণ্ড কৰে৷ ৰাইজে যুৱ বিপিএফৰ কার্যালয়ত থকা এখন বাইক, ঘৰৰ টিনপাত, টিভি আদিৰো ক্ষতি কৰে৷

পিছত ঘাটনাস্থলীত বাগ্সা জিলা আৰক্ষী অধীক্ষক প্রতিক থুবে, অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডংগল, অতিৰিক্ত উপায়ুক্ত দিলীপ কুমাৰ বাড্রাৰ লগতে শালবাৰী মহকুমা আৰক্ষী বিষয়াসহ সেনা, অর্ধসামৰিক বাহিনীৰ লগতে আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ পৰৱর্তী সময়ত ছাপগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰী, বাগ্সা আৰু শালবাৰী জিলা বডো সাহিত্য সভাৰ বিষয়ববীয়া, এবছুৰ বাগ্সা জিলা সমিতিৰ সভপতিসহ বিষয়ববীয়া, বিপিএফৰ বিষয়ববীয়াৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰে আৰু শান্তি–সম্প্রীতি অটুট ৰখাৰ আহ্বান জনায়৷

You might also like