নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অখিল গগৈ, ধৈৰ্য কোৱঁৰ, বিতু সোনোৱাল আৰু মানস কোৱঁৰৰ মুক্তিৰ দাবীত দুলীয়াজানত কৃষক মুক্তি- ছাত্ৰ মুক্তিৰ মানৱ শৃংখল

নিয়মীয়া বাৰ্তা, ১৩ জুলাই : কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈ, সম্পাদক ধৈৰ্য কোৱঁৰ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোনোৱাল আৰু কাৰ্যকৰী সভাপতি মানস কোৱঁৰক মুক্তিৰ দাবীত আজি দুলীয়াজান চহৰত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে
মানৱ শৃংখলেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে ক’ৰনা মহামাৰী দ্বাৰা আক্ৰান্ত অখিল গগৈ, ধৈৰ্য কোৱঁৰ আৰু বিতু সোণোৱালক উন্নত চিকিৎসা প্ৰদানৰো দাবী তোলে প্ৰতিবাদকাৰীসকলে । দুলীয়াজান চহৰৰ মাজমজিয়া পিপলতল তিনিআলিত দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে-কাৰ্ড লৈ প্ৰতিবাদকাৰীসকলে অখিল গগৈ, ধৈৰ্য কোৱঁৰ আৰু বিতু সোণোৱালৰ উন্নত চিকিৎসা তথা ‘কা’ ৰ বিৰুদ্ধে আন্দোলন কৰি কাৰাবাস খটা প্ৰতিগৰাকী প্ৰতিবাদকাৰীক মুক্তিৰ দাবীত বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদস্হলী উত্তাল কৰি তোলে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ভাদৈ আঞ্চলিক ৰাজনৈতিক সম্পাদক ক্ষিতেশ্বৰ সোণোৱাল, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক মাধুৰ্য বৰুৱা, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ দুলীয়াজান আঞ্চলিক সমিতিৰ সম্পাদক চম্পা গগৈকে ধৰি সংগঠন তিনিওটাৰ কেইবাগৰাকীও বিষয়ববীয়াই সক্ৰিয় অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।

You might also like