নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অধিবক্তাক গ্রেপ্তাৰৰ দাবীত থানাত বিক্ষোভ

নিয়মীয়া বাৰ্তা, ১১জুনঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত চলন্তাপাৰা চতুর্থ খণ্ড গাঁৱৰ এগৰাকী মহিলাক নির্যাতনৰ অভিযোগত এজন অধিবক্তাক গ্রেপ্তাৰৰ দাবীত যোগীঘোপা থানাত এদল পুৰুষ–মহিলাই প্রতিবাদ সাব্যস্ত কৰে৷ চলন্তাপাৰা চতুর্থ খণ্ড গাঁৱৰ অধিবক্তা আব্দুল মান্নানৰ বিৰুদ্ধে একে গাঁৱৰে এগৰাকী তিনি সন্তানৰ মাতৃক বলপূর্বক বলাৎকাৰ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ভুক্তভোগী মহিলাগৰাকীয়ে ইতিমধ্যে যোগীঘোপা থানাত এখন এজাহাৰ দাখিল কৰে৷ স্থানীয় এদল পুৰুষ–মহিলাই হাতে হাতে প্লেকার্ড লৈ অধিবক্তা আব্দুল মান্নানক গ্রেপ্তাৰৰ দাবীত থানাত উপস্থিত হৈ প্রতিবাদ সাব্যস্ত কৰে৷ দলটোৱে যৌন নির্যাতনকাৰী ভণ্ড মান্নানক গ্রেপ্তাৰ কৰক, থানাৰ দালাল অধিবক্তা মান্নানক গ্রেপ্তাৰ কৰক, নাৰী সমাজক সুৰক্ষা দিয়ক, ভুক্তভোগী মহিলাগৰাকীক ন্যায় প্রদান কৰক আদি বিভিন্ন প্রতিবাদী প্লেকার্ড হাতে হাতে লৈ থানাৰ সন্মুখত প্রায় এঘণ্টা প্রতিবাদ কৰে৷ উল্লেখ্য যে ভুক্তভোগী মহিলাগৰাকীয়ে যোগীঘোপা থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে যোৱা ৩১ মে’ত দিনৰ ১২.৩০ বজাত মহিলাগৰাকীৰ স্বামী ঘৰত নথকাৰ সুযোগ গ্রহণ কৰি অধিবক্তা আব্দুল মান্নানে পৰিকল্পিতভাৱে মহিলাগৰাকীৰ ঘৰত অনাধিকাৰ প্রৱেশ কৰে৷ অধিবক্তাগৰাকীয়ে মহিলাগৰাকীক বলপূর্বকভাৱে বলাৎকাৰ কৰাৰ চেষ্টা চলোৱাত মহিলাগৰাকীয়ে চিঞৰ–বাখৰ কৰে৷ ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হোৱাত অধিবক্তাগৰাকীয়ে ছাত্তাৰ আলী আৰু ছাহেৰা খাতুনৰ হতুৱাই মহিলাগৰাকীক হত্যা কৰি বস্তাত ভৰাই নৈত পেলাই দিব বুলি ভাবুকি দি অধিবক্তাগৰাকীয়ে সেই স্থানৰ পৰা পলায়ন কৰে বুলি এজাহাৰত উল্লেখ কৰে৷ মহিলাগৰাকীয়ে যোগীঘোপা থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ১৬৩/২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷

You might also like