অনলাইনত ৩৪ হাজাৰ টকাৰ প্রৱঞ্চনাঃ দিল্লীৰ মুখ্যমন্ত্রীৰ কন্যাৰ আৰক্ষী থানাত গোচৰ
নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ অনলাইনত প্রৱঞ্চনাৰ সন্মুখীন হোৱাটো দেশত প্রায় স্বাভাৱিক ঘটনা৷ সাধাৰণ জনতা অনলাইনত প্রৱঞ্চিত হোৱাই নহয়, দেশৰ বিশিষ্ট লোকো অনলাইন প্রৱঞ্চনাৰ সন্মুখীন হ’ব লগা হৈছে৷ শেহতীয়াভাৱে দেশৰ ৰাজধানী দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ কন্যা হর্ষিতা কেজৰিৱাল অনলাইনত প্রৱঞ্চনাৰ সন্মুখীন হৈছে৷ ক্রয়–বিক্রয় অনলাইন প্লেটফর্ম অ’ এল এক্সত পুৰণি ছোফা ছেট বিক্রীৰ বাবে প্রচাৰ কৰি মুখ্যমন্ত্রীৰ কন্যা হর্ষিতা কেজৰিৱাল ৩৪ হাজাৰ টকাৰ প্রৱঞ্চনাৰ সন্মুখীন হয়৷ মুখ্যমন্ত্রীৰ বাসভৱনৰ সন্মুখত থকা চিভিল লাইন্ছ আৰক্ষী থানাত মুখ্যমন্ত্রীৰ কন্যাই অনলাইনত প্রৱঞ্চিত হোৱাৰ তথ্যসহকাৰে গোচৰ ৰুজু কৰাৰ সময়ত অভিযুক্তক বিচাৰি অভিযান চলাই আছে৷
আৰক্ষীয়ে প্রকাশ কৰা মতে মুখ্যমন্ত্রীৰ কন্যাগৰাকীয়ে অনলাইন ফ্লেটফর্ম অ’ এল এক্সত পুৰণি ছোফা বিক্রী কৰাৰ বাবে প্রচাৰ চলোৱাৰ পিছতেই এজন গ্রাহকে যোগাযোগ কৰে৷ গ্রাহকজনৰ সৈতে ছোফাৰ দৰ–দাম হোৱাৰ পিছত গ্রাহকজনে মুখ্যমন্ত্রী কন্যাৰ বাৰক’ড বিচাৰে৷ মুখ্যমন্ত্রীৰ কন্যাই বাৰক’ড দিয়াৰ পিছত গ্রাহকজনে প্রথমতে অলপ ধন বেংক একাউণ্টলৈ ট্রেন্সফাৰ কৰে৷ বাৰক’ডটো নিশ্চিত হোৱাৰ পিছত অনলাইন গ্রাহকজনে দুটা কিস্তিত হর্ষিতাৰ একাউণ্টৰ পৰা ৩৪ হাজাৰ টকা উলিয়াই নিয়ে৷ প্রথম কিস্তিত ২০ হাজাৰ আৰু দ্বিতীয় কিস্তিত ১৪ হাজাৰ টকা৷ অনলাইনত গ্রাহকৰ দ্বাৰা প্রৱঞ্চিত হোৱাৰ পিছতেই হর্ষিতা আৰক্ষীৰ ওচৰ চাপে আৰু আৰক্ষীয়ে প্রৱঞ্চনাৰ গোচৰ ৰুজু কৰি অভিযুক্তক বিচাৰি অভিযান চলাই আছে৷
উল্লেখ্য যে মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ দুটা সন্তান৷ কন্যা হর্ষিতা কেজৰিৱালে ২০১৪ চনত চি বি এছ ইৰ দ্বাদশ শ্রেণীৰ পৰীক্ষাত ৯৬ শতাংশ নম্বৰ লাভ কৰি চর্চাৰ মাজলৈ আহিছিল৷ দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজীৰ পৰা কেমিকেল ইঞ্জিনীয়াৰিঙত স্নাতক ডিগ্রীধাৰী হর্ষিতা৷