নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্ধবিশ্বাসৰ ভয়াবহ পৰিণতি ছিপাঝাৰৰ কুৰুৱাত; বেজৰ কুমন্ত্ৰণাৰ ফলতেই নৃশংস হত্যাকাণ্ড:ৰাইজে লণ্ড ভণ্ড কৰিলে ঘাটকৰ ঘৰ

নিয়মীয়া বাৰ্তা, ৮আগষ্ট: অন্ধবিশ্বাসৰ বলি হৈয়ে নৰহত্যাৰ দৰে এটা ঘৃণণীয় কাৰ্যত লিপ্ত হল এটা পৰিয়াল। ছিপাঝাৰৰ কুৰুৱাত আজি দিনদূপৰতে সংঘটিত হয় এই নৃশংস আৰু শিহৰণকাৰী ঘটনা।একেবাৰে নিকটৰ পৰিয়ালৰ লোকৰ আক্ৰমণত ওপৰ কুৰুৱা কেশৱ দাস নামৰলোকজন নিহত হোৱাৰ বিপৰীতে গুৰুতৰ ভাবে আহত হয় পত্নী বুলু দাস।উল্লেখযোগ্য যে ওপৰ কুৰুৱাৰ কেশৱ দাস আৰু বিপুল দাস নামৰ লোকদূজনৰ পৰিয়ালৰ মাজত চলি আহিছিল দীৰ্ঘদিনীয়া সংঘাট।কেশৱ দাস আৰু পত্নীয়ে মিলি ঔষধ কৰি বিপুল দাসৰ পৰিয়ালটিক অমংগল কৰি অহা বুলি কৰা সন্দেহৰ পৰাই দূয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিনৰ পৰাই সংঘাতৰ সুত্ৰপাত হৈছিল।কোনোবা গাৱলীয়া বেজৰ প্ৰৰোচনাত পৰিয়েই বিপুল দাসৰ পৰিয়ালটিয়ে চূবুৰীয়া কেশৱ দাসৰ পতি পত্নীৰ ওপৰত হৈ আহিছিল খৰ্গহস্ত।মাজে মাজে এই লৈ সংঘাত চলি আহিছিল যদিও আজি এই সংঘাটে লয় চুড়ান্ত ৰূপ।প্ৰথমতে কেশৱ দাসৰ পত্নীক উপৰ্যপুৰি ঘপিয়াই বিপুল দাসে।পিছতপথাৰত হাল বায় থকা অৱস্হাৰ পৰাঅহা কেশৱ দাসকো দাৰে উপৰ্যপুৰি ঘপিয়াই।সংকট জনক অৱস্হাত পতি পত্নীক চিকিৎসা লয়লৈ নিয়া হয় যদিও মৃত্যক আকোৱালি লয় কেশৱ দাসে।দিনৰ পোহৰতে এনেদৰে এহাল পতি পত্নীক দাৰে উপৰ্যপুৰি ঘপিওৱা ঘটনাত স্বাভাৱিকতে সমগ্ৰ অঞ্ছলটোতে সৃষ্টি হয়
উত্তেজিত পৰিবেশৰ।স্হানীয় গাওবুঢ়া আৰু কুৰুৱাৰ নিৰীক্ষণ চকীৰ আৰক্ষীৰ সহযোগত সংকটজনক অৱস্থাত দূয়োকে চিকিৎসা লয়লৈ প্ৰেৰণ কৰাৰ পিছত একা‌ংশ ৰাইজে বিপুল দাসৰ ঘৰ দুৱাৰো লণ্ড ভণ্ড কৰে।অৱশ্যে আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ পৰিস্থিতি নিয়ণ্ত্ৰণ কৰে।ইফালে ৰাইজৰ স্পষ্ট অভিযোগ গাৱলীয়া বেজৰ কুমন্ত্ৰণাত পৰিয়েই অন্ধবিশ্বাস আৰু সন্দেহৰ বশৱৰ্তী হৈয়ে এই ঘটনাত লিপ্ত হল বিপুল দাসৰ সমগ্ৰ পৰিয়ালটো।আনকি স্হানীয় ৰাইজেই প্ৰকাশ কৰা মতে মাজে মাজে বিপুল দাসৰ পৰিয়াল টোৱে জৰা-ফুকা কৰা পানী আনি গোটেই ঘৰখনত ছটিয়াই অমংগল বিনাশৰ চেষ্টাও কৰে। অৰ্থাৎ গাৱলীয়া বেজৰ কু মন্ত্ৰৰ বাবেই আজি কুৰুৱাত সংঘটিত হয় এই ৰোমহৰ্ষক হত্যাকাণ্ড।ইফালে ঘটনাৰ পিছৰে পৰা সন্ধান হীন হৈ আছে বিপুল দাসৰ পৰিয়াল টো।অৱশ্যে আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতিআক্ৰমণত বিপুল দাসো স আঘাট প্ৰাপ্ত হোৱাৰ বাবে চিকিৎসা ধীন কৰোৱা হৈছে।।ৰাইজে হত্যাকাৰীৰ উচিৎ শাস্তিৰ দাবী কৰিছে।

You might also like