অব্যাহত গৰুৰ চোৰাং বেহাঃ সোণাপুৰত গৰুভৰ্তি গাড়ী জব্দ
নিয়মীয়া বাৰ্তা, ২৪ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ অবৈধ বেহা ৷ গো মাফিয়াই কাক মেনেজ কৰি এই দৰে দৈনিক ৩৭নং ৰাষ্ট্ৰীয় পথেৰে উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহ কৰি আছে এই অবৈধ বেহা ৷ এনে সময়তে আজি পুনৰ সোণাপুৰত এখন গৰু ভৰ্তি গাডী জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে ৷ জানিব পৰা মতে উজনি অসমৰ পৰা মেঘালয় অভিমুখে গৈ থকা AS 23 BC 8487 নম্বৰৰ দহ চকীয়া ট্ৰাকখনত ২৭টাকৈ গৰু অবৈধ ভাৱে সৰবৰাহ কৰা অৱস্থাত জব্দ কৰে সোণাপুৰ আৰক্ষীয়ে। উল্লেখ্য যে তাৰে কেইবাটাও গৰু মৃত অৱস্থাত উদ্ধাৰ হয় ৷ ইপিনে ট্ৰাক খনৰ চালক আৰু হেণ্ডীমেন পলায়ন কৰে । চৰকাৰৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গো মাফিয়াই এনেদৰে দিন দুপৰতে গৰু সৰবৰাহ কৰা ঘটনাৰ বাবে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত।
প্ৰেৰক ৰমেশ দাস