নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিযুক্তৰ গোচৰ প্ৰত্যাহাৰৰ বাবে নগাঁৱত ধন দাবী আৰক্ষী কনিষ্টবলৰ

নিয়মীয়া বাৰ্তা, 4জুলাই: গোচৰ প্ৰত্যাহাৰৰ বাবে নগাঁৱত আৰক্ষীৰ কনিষ্টবলৰ ধন দাবীৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে নগাঁৱত ৷ ধন দাবীৰ অডিঅ’ এটি ভাইৰেল হৈ পৰাৰ পিছত আৰক্ষী থানা সমূহত প্ৰকৃততে কি চলি আছে তাৰ নগ্ন ৰূপটো প্ৰকত হৈছে ৷

এজন অভিয়ুক্তক গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবে কনিষ্টবলে ধন কৰাই নহয় আত্মহত্যা কৰিবলৈ উদগনি যোগোৱাৰ ঘটনাও সংঘটিত হৈছে ৷ ৰুজু হোৱা গোচৰ নাইকীয়া কৰিবলৈ ধন বিচাৰি ফোন কৰা এই ঘটনা সংঘটিত হৈছে নগাঁও ইটাচালি আৰক্ষী চকীত ৷ ভাইৰেল হোৱা অডিঅ’ টো আৰক্ষী চকীৰ কনিষ্টবল জনৈক লস্কৰ বুলি অভিযোগ উঠিছে ৷ স্হানীয় এজন যুবকৰ বিৰুদ্ধে অপহৰন আৰু যৌন নিৰ্যাতনৰ অভিযোগ উঠিছিল ৷ সেই অভিযোগ ইটাচালি আহি পোৱাত কনিষ্টবল জনে ধন বিচাৰি ফোন কৰে অভিয়ুক্ত যুবকজনক ৷

অভিযুক্ত যুবকজনক কনিষ্টবল লস্কৰে ফোনত কয় যে ছাৰে গ্ৰেপ্তাৰ কৰিবলৈ কৈছে ৷ ৰেপ কেছটো ৷ কেছ নাইকীয়া কৰি দিম ৷ পইছা অলপ বেছিকৈ লাগিব ৷ থানালৈ তুমি আহি যোৱা ৷

কনিষ্টবল জনৰ কথাত যুবকজন আগবাঢ়ি নোযোৱাত টেলিফোনত পুনৰ কনিষ্টবলজনে ভাবুকি দিয়ে এই বুলি যে প্ৰমান হলে সাত বছৰ জেল হ’ব ৷ মেডিকেল ৰিপৰ্টত প্ৰমান হৈছে ৷ এতিয়া বহু টকাৰ মামলা আহি গ’ল ৷ কেছটো ডিচমিচ কৰিব পৰা যাব ৷ চাৰৰ লগত কথা পাতিলে কিবা এটা কৰিব পৰা যাব ৷

কনিষ্টবল জনে দাবী কৰা ধন দিবলৈ অসমৰ্থ যুবকজনে আত্মহত্যা কৰাৰ বাহিৰে বেলেগ ৰাষ্টা নাই বুলি জনোৱাত আৰক্ষী কনিষ্টবল জনে আত্মহত্যাৰ বাবে উদগনি যোগাই কয় যে সেইটোৰ বাহিৰে আৰু কি আছে ৷ অভিযুক্ত কনিষ্টবল গৰাকীক নগাৱৰ আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্লজ কৰিছে।

 

You might also like