নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভি-নীল হত্যাকাণ্ডঃ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ দুৰ্ভগীয়া পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ সমগ্ৰ দেশ কঁপাই যোৱা অভি-নীল হত্যাকাণ্ডৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিগত তিনি বছৰে গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা তিনিটা বছৰ অতিক্ৰম কৰাৰ পাছতো আজি পৰ্যন্ত ন্যায় পোৱাৰ পৰা বঞ্চিত ভোক্তভোগী দুই পৰিয়াল ৷

আজি নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰটোৰ সাক্ষ্যগ্ৰহণৰ দিন ধাৰ্য কৰা হৈছিল ৷ কিন্ত বিশেষ কাৰণৰ দোহাই দি আদালতত অনুপস্থিত থাকিল লোমহৰ্ষক হত্যাকাণ্ডটোৰ তদন্তকাৰী বিষয়াগৰাকী ৷ অৱশ্যে দুজন লোকৰ সাক্ষী গ্ৰহণ কৰে আদালতে। গোচৰটোৰ ক্ষেত্ৰত আজি পুনৰ পৰৱৰ্তী দিন ঘোষণা কৰে আদালতে।

সেই অনুসৰি পৰৱৰ্তী তাৰিখ হ’ল অহা ১২ আৰু ২৯ নৱেম্বৰ ৷ গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰি তোলাৰ উদ্দেশ্যে আদাদতে এইদৰে একে মাহতে শুনানিৰ দুটা তাৰিখ ধাৰ্য কৰে বুলি জানিব পৰা গৈছে। ইপিনে আজিৰ শুনানিৰ পিছত অভি-নীলৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱা বুলি অভিযোগ উত্থাপিত কৰে ৷

তদুপৰি গোচৰটোৰ লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াই সাক্ষীৰ ক্ষেত্ৰটো বিশেষ প্ৰভাৱ পেলাব পাৰে বুলিও আশংকা প্ৰকাশ কৰিলে ভুক্তভোগী ব্যক্তিদ্বয়ে ৷ আনহাতে, সংবাদ মাধ্যমৰ জৰিয়তে এই বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ ক্ষেত্ৰত ন্যায়ালয়ৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে এটা জনমত গঠনৰো আহ্বান জনালে দুৰ্ভগীয়া ব্যক্তিদুগৰাকীয়ে ৷ ইফালে, প্ৰতিবাৰেই বহু দূৰৰ পৰা আদালতলৈ অহাৰ ক্ষেত্ৰটো যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলিও জানিবলৈ দিয়ে।

You might also like