অসমৰ বাঁহেৰে চলিছে মহাৰাষ্ট্ৰৰ কাগজকল! চতিয়াত পানীৰ দৰত বাঁহ ক্ৰয় বেপাৰীৰ
নিয়মীয়া বাৰ্তা, ১ডিচেম্বৰ: অসমৰ প্ৰায়বোৰ কৃষকৰ বাৰীতে বাঁহগছ উপলব্ধ।খেতিয়ক সকলে অভাৱৰ জোৰা মাৰিবলৈ মাজে সময়ে বাৰীৰ বাঁহ বিক্ৰি কৰি আহিছিল। অসমত দুটাকৈ কাগজকল চলি থকাৰ সময়ত বাহঁৰ চাহিদা আছিল বাবেই কৃষকে বাৰীৰ বাঁহ কেইজোপা বেছি ওপৰঞ্চি উপাৰ্জনৰ পথ মুকলি মুকলি কৰিব পাৰিছিল ৷ সময়ৰ পৰিবৰ্তনৰ লগে লগে গাঁৱৰ লোকসকলেও বাঁহৰ ব্যৱহাৰ সীমিত কৰিবলৈ ললে ৷ এনেকৈয়ে এটা সময়ত প্ৰচুৰ চাহিদা থকা বাঁহৰ আদৰ কমি আহিল ৷ বিশেষ কৈ কাগজকল দুয়োটা বন্ধ হৈ পৰাত বাৰীত চুকত থকা ভলুকা, মকাল বাঁহৰ জোপাবোৰ গছতে শুকাবলৈ ললে ৷ কাগজকল দুয়োটা বন্ধ হৈ পৰাত তাত কাম কৰা কৰ্মচাৰী সলকৰহে জীৱিকাৰ বাট বন্ধ হল তেনে নহয় গ্ৰামাঞ্চলৰ লোক সকলৰ লগতে পৰিবহন খণ্ডও বাৰুকেয়ে ক্ষতিৰ সন্মুখীন হল ৷ শেহতীয়াকৈ গাওঁবোৰলৈ বাঁহ বিচাৰি বেপাৰীৰ আগমন ঘটিছে ৷ বেপাৰীৰ পৰা জানিব পৰা মতে তেওঁলোকে অসমৰ বাঁহ মহাৰাষ্ট্ৰৰ কাগজকললৈ প্ৰেৰণ কৰে ৷ অসমত দুটাকৈ কাগজ কল চলি থকাৰ সময়ত গাওঁসমুহৰ পৰা বেপাৰীয়ে প্ৰতি কুইন্টল বাঁহ 100 পৰা 120 টকা দৰত ক্ৰয় কৰিছিল ৷ কিন্ত্ত বৰ্তমান বাঁহৰ চাহিদা নোহোৱাৰ অজুহাত দেখুৱাই প্ৰতি কুইন্টল বাঁহ মাত্ৰ 40 ৰপৰা 50 টকা দৰত ক্ৰয় কৰি আহিছে বেপাৰীয়ে ৷ বাঁহ সংগ্ৰহ কৰা বেপাৰীয়ে জানিবলৈ দিয়া মতে তেওঁলোকে দহ বছৰৰ আগেয়ে এক পিল বাঁহ চাৰিহাজাৰ টকা মুল্যত ক্ৰয় কৰিছিল ।কিন্ত এতিয়া এক পিল বাঁহৰ মুল্য নিম্নগামী হৈ মাত্ৰ পোন্ধৰশ টকা হৈছে৷মহাৰাষ্টলৈ বাঁহ নিবলৈ পৰিবহন খৰছ হিচাবে প্ৰতি ট্ৰাকক পঞ্চাচৰ পৰা ষাঠী হাজাৰ টকা ভাৰা দিব লগাৰ অজুহাততে বেপাৰীয়ে বাঁহৰ উচিত মুল্য দিব নোখোজে ৷ অসমত প্ৰচুৰ কেঁচা মাল থকা স্বত্বেও কাগজ কল দুটা কি কাৰণত ৰুগ্ন হৈ পৰিল? একে সময়তে অত্যাধিক পৰিবহন মুল্য দি অসমৰ পৰা ক্ৰয় কৰা বাঁহৰে কেনেকৈ লোকচানৰ সন্মুখীন নোহোৱাকৈ মহাৰাষ্ট্ৰৰ কাগজ কল চলি থাকিব পাৰিছে ৷ সেয়া এই মুহুৰ্তৰ নুবুজা সাথঁৰ বুলি সচেতন লোকে গুনাগথা কৰিছে ৷