অসম-অৰুণাচল সীমান্তত উপস্থিত হৈ সীমা পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ
আলাপ আলোচনাৰ মাজেৰে সীমাবিবাদ নিষ্পত্তিৰ সিদ্ধান্ত দুই পক্ষৰ
নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ পাহাৰ ভৈয়ামৰে ভৰপূৰ এসময়ৰ বিশাল অসম ৰাজ্য পৰৱৰ্তীকালত অসম,অৰুণাচল প্ৰদেশ, ত্ৰিপুৰা, মেঘালয়, নাগালেণ্ড, মিজোৰাম, মণিপুৰ আদি সাতভনী ৰাজ্যলৈ বিভক্ত হয় যদিও সীমা সমস্যা বিষয়টো অমিমাংসীত অৱস্থা তথা নিষ্পত্তি নোহোৱাকৈ ৰৈ গৈছিল ৷ যাৰ পৰিণতিৰ ফলস্বৰূপে সময়ে সময়ে অৰুণাচল, মেঘালয় নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যৰ সীমান্ত অঞ্চলত সীম বিবাদ সমস্যাক লৈ মাজে সময়ে উত্তেজনা চলি থকা দেখিবলৈ পোৱা যায় ৷ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰি ৭৬ বছৰত ভৰি দিলে যদিও পাহাৰ-ভৈয়াম ৰাজ্য সমুহৰ মাজত সীমা সমস্যাৰ কন্দল অদ্যাপি চলিয়েই আছে ৷ বছৰৰ পাছত বছৰ ধৰি শাসনাধিষ্ঠিত চৰকাৰ সমুহে উক্ত সীমা বিবাদ বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাৰ ফলত সীমান্ত অঞ্চলত বসবাস কৰা নাগৰিকসকলে ফলভোগ কৰিবলগীয়া হৈছে ৷ ইফালে শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী পৰিষদে শেহতীয়া কৈ উক্ত বিষয়টোক গুৰুত্ব সহকাৰে লৈ বিশেষ তৎপৰতা চলোৱা পৰিলক্ষিত হোৱাৰ উপৰি সীমান্ত অঞ্চলত ৰাজ্যৰ মন্ত্ৰী, বিধায়ক, আমোলা, শীৰ্ষ বিষয়া, বিভাগীয় বিষয়া কৰ্মচাৰী সকলৰ সৈতে বৈঠকত মিলিত হৈ সীমা সমস্যা সমুহ নিষ্পত্তি কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে কালি চৰকাৰ খনৰ জ্যেষ্ঠ মন্ত্ৰী তথা ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল অসম-অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চল কামেংবাৰীত অসম চৰকাৰৰ আমোলা, শীৰ্ষ বিষয়া, কৰ্মচাৰী আদিক লগত লৈ অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আমোলা শীৰ্ষ বিষয়া, কৰ্মচাৰী সকলৰ সৈতে এক বৈঠকত মিলিত হয় আৰু উক্ত ঠাইৰ সীমা সমস্যা কেনেকৈ নিষ্পত্তি কৰিব পাৰি তাৰ বিশদ আলোচনা কৰে ৷
উল্লেখ্য যে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ ভূমি কামেংবাৰীত অৰুণাচলী চৰকাৰে বন কাৰ্যালয় স্থাপন কৰাৰ উপৰি অভয়াৰণ্য খনৰ ৫ কিঃমিঃ নামৰ ঠাইলৈকে বেদখল কৰি ৰাখিছে ৷ অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ অন্তৰ্গত উল্লেখিত ভূমি বেদখলী কাৰ্য দীৰ্ঘদিনীয়া ৷ দেশে স্বাধীনতা লাভ কৰাৰ পাছত ওপৰত উল্লেখ কৰা পাঁচ পাহাৰীয়া ৰাজ্য কেইখনৰ দৰে অৰুণাচল প্ৰদেশ অসমৰ পৰা পৃথক হোৱাৰ পাছতো সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কামেংবাৰী আৰু ৫ কিঃমিঃ নামৰ ঠাইৰ ভূমি বেদখল কৰা, শোণিতপুৰকে আদিকৰি কেইবাখনো জিলাৰ সীমান্ত অঞ্চলৰ ভূমি অৰুণাচলী লোকে বেদখল কৰা আৰু মাজেসময়ে সীমান্ত অঞ্চলত বসবাস কৰা নিৰীহ লোকৰ ওপৰত উপদ্ৰপ চলোৱা, হাৰাশাস্তি কৰা আদি নতুন বিষয় নহয় ৷ কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতা আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা নেতৃত্বাধীন চৰকাৰৰ প্ৰচেষ্টাত অৰুণাচলৰ দৰে পাহাৰীয়া ৰাজ্যৰ সীমান্ত অঞ্চল স্থানীয় সমষ্টিৰ বিধায়ক,মন্ত্ৰী, আমোলা বিষয়া সকলৰ উপৰি বিভাগীয় বিষয়া সকলক লৈ সীমান্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে শীঘ্ৰেই সীমা সমস্যা নিষ্পত্তি কৰাৰ প্ৰচেষ্টা চলোৱাটো শুভলক্ষণ বুলি বিবেচিত হৈছে ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ জিৰ’ৰ পৰা উত্তৰে ৫ কিঃমি নামৰ ঠাইলৈকে প্ৰায় ৩ কিলোমিটাৰ অসমৰ ভূমি অৰুণাচলী লোকে কালিৰ বৈঠকত দাবী কৰা বুলি জানিবলৈ দিছে ৷ মন্ত্ৰী অশোক সিংহল আৰু দুই ৰাজ্যৰ বিধায়ক, মন্ত্ৰী, আমোলা, বিভাগীয় বিষয়া কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত উক্ত ভূমি দাবী কৰাৰ আঁৰত সোণাই-ৰূপাই বন্যপ্ৰাণী অভয়াৰণ্যৰ জিৰ’ নামৰ ঠাইত এসময়ত অৰুণাচলীৰ এটা চেক প’ষ্ট আছিল অৰুণাচলী লোকে তথ্য দাঙি ধৰা বুলি জানিবলৈ দিছে ৷ ইফালে মন্ত্ৰী অশোক সিংহলে উক্ত বিষয়টো শীঘ্ৰে দুই ৰাজ্যৰ চৰকাৰ আৰু বৰমূৰীয়া সকলৰ আলাপ আলোচনাৰ মাজেৰে বিষয়টো নিষ্পত্তি কৰা হ’ব বুলি বৈঠকত অংশগ্ৰহণ কৰা সকলোকে জানিবলৈ দিয়া বুলি খবৰ পোৱা গৈছে ৷