নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন মন্ত্ৰী চুম ৰংহাঙৰ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ শনিবাৰে কাৰ্বি আংলঙৰ অসম-নাগালেণ্ড সীমান্ত পৰিদৰ্শন কৰে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙৰ লগতে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তই ।

মন্ত্ৰীগৰাকীয়ে সীমান্তৰ স্পৰ্শকাতৰ মুঠ ৭ টা অঞ্চলৰ ৪ টা অঞ্চল পৰিদৰ্শন কৰে । লগতে সীমান্ত অঞ্চলৰ উন্নয়ন বিষয়ে বুজ লৈ শীঘ্ৰে অসম-নাগালেণ্ড সীমান্ত সম্পূৰ্ণ ৰূপে বেদখল মুক্ত কৰা হ’ব বুলি মন্তব্য কৰে ।

আনহাতে কাৰ্বি আংলংৰ অসম নাগালেণ্ড সীমান্তৰ মিচিবাইলাম আৰক্ষী চকীৰ ১.৫ কিলোমিটাৰ দূৰত্বত NSCN ৰ মুখ্য কেম্প হেবৰণ (HEBRON) থকাৰ বাবে সেই অঞ্চলত যাৱতীয় সুবিধাৰ দিশত বিশেষ পদক্ষেপ লোৱা হব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

You might also like