নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম – মেঘালয় সীমান্তত সীমা বিবাদক কেন্দ্ৰ কৰি আম-ই অঞ্চলত ৰাইজৰ মাজত তীব্ৰ বাত বিতণ্ডা

নিয়মীয়া বাৰ্তা,১৭ এপ্ৰিল- অসম – মেঘালয় সীমান্তত সীমা বিবাদক কেন্দ্ৰ কৰি দুয়ো ৰাজ্যৰ মাজত সময়ে সময়ে উত্তেজনাই বিৰাজ কৰি আহিছে । অসমৰ ভূমিত মেঘালয় চৰকাৰে আগ্ৰাসন চলোৱাৰ লগতে বলপূৰ্বক বিভিন্ন চৰকাৰী কাম অব্যাহত ৰখাৰ সময়তে অসমৰ ভূমিত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে উন্নয়নমূলক কাম আৰম্ভ কৰিলেই মেঘালয় চৰকাৰৰ ছত্ৰছায়াত একাংশ দুস্কৃতিকাৰীয়ে উদ্ভণ্ডালি আৰম্ভ কৰে । যোৱা দেওবাৰে অনুৰূপ ঘটনা সংঘটিত হয় অসম অধ্যূষিত সীমান্ত অঞ্চলত। একাংশ দুস্কৃতিকাৰীয়ে সীমান্তৰ আম-ই অঞ্চলত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে স্থাপন কৰ সংগ্ৰহ গ্যেটখন দেওবাৰে নিশা ভাঙি পেলাই । ইয়াৰ পিছতে অসম-মেঘালয়ৰ আৰক্ষী আৰু স্থানীয় ৰাইজ সোমবাৰে মথাদে অঞ্চলত উপস্থিত হয়। ইফালে একাংশ খাছী লোকে আম-ই অঞ্চল মেঘালয়ৰ বুলি দাবী কৰি আৰক্ষীৰ সন্মুখতেই টেক্স গ্ৰেটৰ ফলক উভালি পেলাই । উক্ত ঘটনা সংঘটিত কৰাৰ পিছতেই দুয়ো ৰাজ্যৰ সেই স্থানত উপস্থিত হোৱা ৰাইজৰ মাজত তীব্ৰ বাত বিতণ্ডাৰ সৃষ্টি হয় । অৱশ্যে আৰক্ষীৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে যদিও উক্ত অঞ্চলত এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰিছে । প্ৰণিধানযোগ্য যে, যোৱা ২৭ মাৰ্চত মেঘালয়ৰ একাংশ খাছীলোকে লাংকেৰই অঞ্চলত থকা সীমান্তৰ খুঁটা ভাঙি পেলাই । যোৱা ১১ এপ্ৰিলত খোদ মেঘালয় প্ৰশাসনে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে নিৰ্মানাৰত উমখিৰ্মী – খাটখাছলা পথৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছিল । ইফালে যোৱা ১৫ এপ্ৰিলত মথাদে গাঁৱত একাংশ খাছী দুস্কৃতিকাৰীয়ে সীমান্তৱৰ্তী মূল্যবান গছ কাটি লণ্ড ভণ্ড কৰিছিল । ইফালে অনুৰূপ ঘটনা দেওবাৰে সংঘটিত হোৱাৰ পিছত সোমবাৰে উদণ্ড একাংশ মেঘালয় লোকে অসমৰ লোকক আক্ৰমণ কৰি পৰিস্থিতি উত্তেজনাময় কৰি তুলিছিল।
প্ৰেৰক – হেমন্ত কুমাৰ নাথ

You might also like