নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম লেখিকা সংস্থা মৰিগাঁও শাখাৰ উদ্যোগত বক্তৃতা অনুষ্ঠান; ৪ খনকৈ গ্ৰন্থৰ উন্মোচন

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল : অসম লেখিকা সংস্থাৰ মৰিগাঁও শাখাৰ উদ্যোগত আজি মৰিগাঁও সদৰৰ গান্ধী ভৱনত পুতু দেৱী পাণ্ডে সোঁৱৰণী প্ৰথম বাৰ্ষিক স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰে আয়োজক সমিতিয়ে। লেখিকা সংস্থা মৰিগাঁও শাখাৰ সভানেত্ৰী শেৱালি শৰ্মা বৰকটকী আৰু সম্পাদিকা ৰীতা মিশ্ৰ গোস্বামীৰ নেতৃত্বত সকলো ৰাইজৰ শুভকামনাৰে আয়োজন কৰা অনুষ্ঠানটোত ৪ খনকৈ গ্ৰন্থ উন্মোচনৰ লগতে “জাতিৰ গৰিমা ৰক্ষাত নাৰীৰ ভূমিকা” শীৰ্ষক এটি স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। এই বক্তৃতা অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰে লেখক সমালোচক তথা বিশিষ্ট বুদ্ধিজীবি ময়ুৰ বৰাই। তেওঁ ভাষণ প্ৰসংগত কয় যে প্ৰাক স্বাধীনতা আৰু স্বাধীনোত্তৰ কালৰে পৰা অসমত মহিলা সকলৰ ভূমিকা পুৰুষতকৈ কম নহয় । জয়মতী মুলাগাভৰুৰ লগতে স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ ত্যাগ আৰু বলিদান ইতিহাসত সদায় সোনালী আখৰেৰে জিলিকি থাকিব । ১৯৫৫ চনতে অসমৰ সুযোগ্য মহিলা অমল প্ৰভা দাসে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষন বটাঁ লাভ কৰিছিল । ইয়াৰ পিছৰে পৰা অসমত মহিলা সকলৰ জয়যাত্ৰা আজিও অব্যাহত আছে । ইফালে বক্তৃতা অনুষ্ঠানটিৰ পুৱা পুতু দেৱী পাণ্ডেৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ কৰে কবি সাহিত্যিক প্ৰদীপ পৰাশৰে। ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে লেখিকা সংস্থা অসমৰ প্ৰধান সম্পাদিকা বিজয়া দেৱ দাস আৰু মৰিগাঁও শাখাৰ প্ৰাক্তন সভানেত্ৰী দিপাঞ্জলী কাকতি হাজৰিকাই। দিনৰ ১০.৩০ বজাত মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমনি গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত এই বক্তৃতা অনুষ্ঠানটো উদ্ধোধন কৰে লেখিকা সংস্থা অসমৰ সভানেত্ৰী মৃদুলা শৰ্মাই। আনহাতে লেখিকা সংস্থা অসমৰ মৰিগাঁও শাখাৰ মুখপত্ৰ -সৃজনী” উন্মোচন কৰে লেখিকা সংস্থা অসমৰ উপ-সভানেত্ৰী নিৰু শৰ্মা পৰাজুলিৰে। সবিতা ডেকাৰ স্বৰচিত কাব্য গ্ৰন্থ ‘বৰ্গমূল” উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্যি সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ বৰাই।শেৱালী শৰ্মা বৰকটকীৰ স্বৰচিত উপন্যাস “নি:সঙ্গতা” উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বুবুমনি গোস্বামীয়ে। দীপা শৰ্মাৰ প্ৰৱন্ধ সংকলন “আমি পালন কৰা বিভিন্ন উৎসৱ পাৰ্বণ” উন্মোচন কৰে অসম লেখিকা সংস্থাৰ আলোচনী সম্পাদিকা বিন্দু ডেকা চৌধুৰীৰে। সন্ধিয়া হৰিপ্ৰিয়া দেৱী, ৰেণু বৰা আৰু ৰেৱতী দেৱীৰ সামূহিক বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী সামৰণি পেলায়। মধ্য অসমৰ মধ্যমনি মৰিগাঁও জিলাত লেখিকা সংস্থা অসমৰ প্ৰথম কেইগৰাকী সংগঠকৰ অন্যতম পুতু দেবী পাণ্ডেৰ স্মৃতিত মৰিগাঁও লেখিকা সংস্থাই এই অনুষ্ঠানৰ আয়োজন কৰে।

You might also like