নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰুণোদয় সম্পর্কত জিলা উপায়ুক্তৰে বিত্তমন্ত্রীৰ ভিডিঅ’ কনফাৰেঞ্চ

অহা ২৫ অক্টোবৰৰ ভিতৰত জিলা পর্যায়ত নিৰীক্ষণ সমিতিৰ বৈঠক সম্পূর্ণ কৰাৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ১৮অক্টোৱৰ:  বিত্তমন্ত্রী অজন্তা নেওগে অৰুণোদয়ৰ জৰীপ সম্পর্কত আজি জিলা উপায়ুক্তসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয় আৰু অহা ২৫ অক্টোবৰৰ ভিতৰত জিলা পর্যায়ত নিৰীক্ষণ সমিতিৰ বৈঠক সম্পূর্ণ কৰাৰ নির্দেশ দিয়ে৷ জনতা ভৱনৰ বিত্ত বিভাগৰ সভাকক্ষত ভিডি’ কনফাৰেঞ্চযোগে ৰাজ্যৰ সকলো জিলাৰ উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হৈ মন্ত্রী নেওগে এই নির্দেশ দিয়ে৷ বৈঠকখনত ৰাজ্যখনৰ বিভিন্ন জিলাত চলি থকা অৰুণোদয় জৰীপ সম্পর্কত জিলা উপায়ুক্তসকলে মন্ত্রী নেওগক অগ্রগতিৰ খতিয়ান দাঙি ধৰে৷ বৈঠকখনত মন্ত্রী নেওগে কোনো কাৰণতে যাতে যোগ্য হিতাধিকাৰী জৰীপত বাদ নপৰে, তাৰ ওপৰত চোকা দৃষ্টি ৰাখি সতর্কতাৰে কার্য সম্পাদন কৰিবৰ বাবেও নির্দেশ প্রদান কৰে৷ যোগ্য হিতাধিকাৰীৰ বঞ্চনাৰ কোনো অভিযোগ উত্থাপন হ’লে এইক্ষেত্রত জিলা উপায়ুক্তসকলক তাৎক্ষণিক তদন্ত কৰি উচিত ব্যৱস্থা গ্রহণৰ বাবেও নির্দেশ দিয়ে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ অন্যতম অভিলাষী আঁচনি অৰুণোদয়ৰ জৰিয়তে ১৮ লক্ষাধিক লোকে সা–সুবিধা লাভ কৰি আহিছে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে আৰম্ভ কৰা অৰুণোদয় সমীক্ষাৰ ৯৭ শতাংশ কাম সম্পূর্ণ হৈছে৷ নির্দিষ্ট সময়ৰ ভিতৰত জিলা উপায়ুক্তসকলে জৰীপৰ কাম প্রায় সম্পূর্ণ কৰাৰ বাবে বৈঠকখনত মন্ত্রী নেওগে উপায়ুক্তসকলক ধন্যবাদ জ্ঞাপন কৰে৷ আজিৰ এই বৈঠকখনত বিত্ত বিভাগৰ আয়ুক্ত সচিব জয়ন্ত নার্লিকাৰ, ইনষ্টিটিউচনেল ফাইনেঞ্চ সঞ্চালিকা ইভা ডেকাও উপস্থিত থাকে৷

You might also like