অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্চ; বকোৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু পঞ্চদশ বাৰ্ষিক অধিৱেশন সম্পন্ন
নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিল – কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত এলেকাৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী সকলোৰ অৱসৰ বিনোদনৰ মঞ্চ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্চ বকোৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু পঞ্চদশ বাৰ্ষিক অধিৱেশন আজি সম্পন্ন হয়। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সকলৰ অৱসৰী বিনোদনৰ সময় অতিবাহিত কৰাবলৈ আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে সঞ্চয় কৰিবলৈ গঠন মুলক চিন্তা চৰ্চাৰে গঠিত মঞ্চৰ স্থায়ী কাৰ্য্যালয় ভৱনত আজি দিনযোৰা কাৰ্য্যসুচীৰে আয়োজন কৰে প্ৰতিষ্ঠা দিৱস। ইফালে মঞ্চৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰে পঞ্চদশ বাৰ্ষিক অধিৱেশন খন। অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্চ বকোৰ সভাপতি যাদৱ চন্দ্ৰ ৰাভা ; উপ সভাপতি অৰবিন্দ চৌধুৰী ; সাধাৰণ সম্পাদক দণ্ডি বসুমতাৰীয়ে জনোৱা মতে ; মঞ্চৰ প্ৰতিগৰাকী বিষয় ববীয়াৰ মানসিক উৎকৰ্ষ সাধন হোৱা বিষয় আলোচনা কৰিবলৈ আৰু মনৰ ভাৱ আদান প্ৰদান কৰিবলৈ গঠন কৰা হৈছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্চ ; বকো। মঞ্চৰ সহকাৰী সম্পাদক নাৰায়ণ তালুকদাৰ অাৰু পঞ্চানন মেধিয়ে সাংবাদিকক জনায় যে ; আজি প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন ; স্মৃতি তৰ্পণ আৰু আলোচনা চক্ৰ অনুষ্ঠিত কৰে। ইয়াৰ পিছতে মঞ্চৰ পঞ্চদশ বাৰ্ষিক অধিৱেশন আয়োজন কৰে। সভাপতি যাদৱ চন্দ্ৰ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা অধিবেশনত শোক প্ৰস্তাৱ। ; চা চিনাকি পৰ্ব ; সম্পাদকীয় প্ৰতিবেদন পাঠ ; হিচাৱ পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু অনুমোদন কৰা হয়। ইয়াৰ পিছতে মঞ্চৰ আগন্তুক দিনত কৰিব লোৱা উন্নয়ণ খণ্ডৰ মুলক আৰু সামাজিক কামৰ প্ৰস্তাৱৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইফালে বকো – ছমৰীয়া গড়কাপ্তানী পথটোৰ নাম পুৰ্বৰ পৰাই নবীন চন্দ্ৰ কলিতা নমেৰে জনাজাত। কিন্তু ঐতিহাসিক তীৰ্থ ছমৰীয়া সত্ৰলৈ যোৱা অতি ব্যস্ত পথটোৰ কোনো নাম ফলক নহোৱাত সভাই আক্ষেপ প্ৰকাশ কৰে। আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী মঞ্চই চৰকাৰৰ গড়কাপ্তানী বিভাগ অৰ্থাৎ বৰ্তমানৰ লোক নিৰ্মাণ বিভাগক ইতিহাসৰ সাক্ষী বকো – ছমৰীয়া পথটোৰ নাম স্থায়ী ফলকত নবীন চন্দ্ৰ কলিতা পথ নামেৰে চিনাকি নিৰ্দেশনা নিৰ্মাণ কৰিবলৈ আহ্বান জনায়। কাৰ্য্যসুচীত ৰমেশ চন্দ্ৰ ডেকা ; সুৰেন চন্দ্ৰ কলিতা , ৰমেন বৰা ; প্ৰহ্লাদ বড়ো ; নগেন কলিতা ; শশ ৰঞ্জন দত্ত বৰুৱা আদিকে ধৰি বহু কেইজন জ্যেষ্ঠ অৱসৰী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুস্থানত বহু সংখ্যক সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।