আইভেঁটি গাঁও পঞ্চায়তত আঁচনি ৰূপায়ণৰ নামত অনিয়মৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ নগাওঁ জিলাৰ দলংঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত আইভেটি গাওঁ পঞ্চায়তত ৰূপায়ন হৈ থকা চতুৰ্দশ বিত্তীয় আয়োগৰ আঁচনিত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত অভিযোগ মতে চতুৰ্দশ বিত্তীয় আয়োগৰ নীতি নিয়ম উলংঘা কৰি নিৰ্মান সমিতি গঠন কৰা হৈছে। তিনি চাৰি জন যুৱকক লৈ সাধাৰণ সভা অনুষ্ঠিত হোৱা দেখুৱাই নিৰ্মান সমিতি গঠন কৰি কাম কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ উঠিছে। পঞ্চায়তটোৰ ৯ নং মহলাৰ বিভাগীয় ভাৱে অনুমোদন হোৱা চি চি ব্লক পথৰ নিৰ্মাণ কৰিবৰ বাবে পঞ্চায়তটোৰ সভাপতি আদিয়ে অতি কৌশল পূৰ্ণ ভাৱে নিজৰ স্বার্থ সিদ্ধিৰ বাবেই এজন লোকক সভাপতি পাতি নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিব বিচৰা কাৰ্য্যক লৈ স্থানীয় একাংশ সচেতন লোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
স্থানীয় সচেতন যুৱক অনিল বৰাই অভিযোগ কৰাৰ মতে পঞ্চায়তটোত এনে ধৰণৰ অনিয়ম হৈ থকাৰ উপৰিও লকডাউনৰ সময়ত চৰকাৰে দৰিদ্ৰ লোকৰ বাবে দিয়া ১০০০ টকা আৰু বিনামূলীয়া চাউলৰ ক্ষেত্ৰটো পঞ্চায়টোৰ জনপ্ৰতিনিধি আদিয়ে অনিয়ম সংঘটিত কৰিছিল।যাৰ বাবে সচিব গৰাকী নিলম্বিত হব লগা হল। পঞ্চায়টোত হৈ থকা এনে অনিয়ম সম্পৰ্কত তদন্ত কৰি ব্যৱস্থা লবলৈ সচেতন ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে।