নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড়ৰ পৰা অসমীয়া বাতৰি সম্প্ৰচাৰ বন্ধ কৰা বাতিলৰ দাবীত যুৱ ছাত্ৰৰ স্মাৰক পত্ৰ

নিয়মীয়া বাৰ্তা, ২৬ অক্টোবৰ:  ১৯৯৭ চনৰ পৰা আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড়ৰ পৰা সম্প্ৰচাৰ কৰি অহা অসমীয়া বাতৰি পৰিৱেশন বন্ধ কৰাৰ সন্দৰ্ভত প্ৰচাৰ ভাৰতীয়ে গ্ৰহণ কৰা সিদ্ধান্তক লৈ গৰজি উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে। এই সন্দৰ্ভত সংগঠনটোৰ জিলা সমিতিৰ সভাপতি প্ৰিয়াব্রত গোহাঁই আৰু সাধাৰণ সম্পাদক গৌৰাংগ গগৈয়ে ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীলৈ প্ৰেৰণ কৰা এক বিবৃতিত সমগ্ৰ উজনি অসমৰ লগতে অৰুণাচল প্ৰদেশৰ বিভিন্ন বাতৰি সম্প্ৰচাৰ কৰি অহাৰ লগতে বৈদ্যুতিন মাধ্যমে ঢুকি নোপোৱা অঞ্চলৰো জনসাধাৰণৰ তথ্য সংগ্ৰহৰ একমাত্ৰ সম্বল ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ বাতৰি সম্প্ৰচাৰ কৰা কাণ্ড অসমীয়া ভাষা আৰু সংস্কৃতি ধ্বংস কৰাৰ এক চক্ৰান্ত হোৱাৰ লগতে ইয়াৰ লগত জড়িত বহুসংখ্যক লোকৰ কৰ্মসংস্থান হেৰুৱাৰ উপক্ৰমো ঘটিছে বুলি অভিহিত কৰি অতি শীঘ্ৰেই এই সিদ্ধান্ত বাতিল কৰি আকাশবাণী কেন্দ্ৰ ডিব্ৰুগড়ৰ পৰা পুনৰ অসমীয়া বাতৰি পৰিবেশনৰ বাবে দাবী উত্থাপন কৰে।

You might also like