নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা ২২ মে’লৈ ধাৰাবাহিক আন্দোলন

নিয়মীয়া বার্তা, ১৮ মেঃ সমগ্র বিশ্বত মহামাৰী ৰূপে দেখা দিয়া ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ উদ্দেশ্যে ২৪ মার্চৰ নিশা বাৰ বজাৰ পৰা দেশত ঘোষণা কৰা তলাবন্ধ বর্তমানলৈ অব্যাহত আছে৷ তলাবন্ধ কিছু শিথিল কৰা বাবে ১৮ দিনৰ পিছত চৰকাৰী নীতি–নির্দেশনা, দূৰত্ব, পঞ্চাশ শতাংশ শ্রমিকৰ দ্বাৰা ১২ এপ্রিলৰ পৰা বাগিচাসমূহৰ পাত তোলা কাম আৰম্ভ হৈছিল৷ বন্ধৰ সময়ছোৱাত শ্রমিক আৰু কর্মচাৰীসকলৰ দৰমহা, ৰেচন ইত্যাদি দিবলৈ সংশ্লিষ্ট কোম্পানীসমূহক নির্দেশ দিছিল ৰাজ্য চৰকাৰে৷

উক্ত নির্দেশমর্মে বাগিচাসমূহত তলাবন্ধ শিথিল কৰাৰ বাবে বহু বাগিচাই চৰকাৰী নির্দেশ পালন কৰি বাগিচাসমূহ খুলিলে যদিও বৰছলা চাহ চক্রৰ অন্তর্গত বাগিচাসমূহৰ দুই–এখনৰ বাহিৰে বাকী বাগিচাসমূহৰ কর্মচাৰীসকলক মার্চ–এপ্রিল দুই মাহৰ দৰমহা নিদিলে৷ যাৰ পৰিপ্রেক্ষিতত কর্মচাৰীসকলৰ পৰিয়াল পোহপাল দিয়াত ভীষণ সমস্যাই দেখা দিছে৷ আর্থিক দৈন্যৰ কথা প্রকাশ কৰিলে পৰিচালনা সমিতিৰ ৰোষত পৰা ভয়ত মুকলিকৈ একো ক’ব পৰা নাই শ্রমিক আৰু কর্মচাৰীসকলে৷ ইয়াৰ বিপৰীতে মাজবাটস্থিত সাতখন চাহবাগিচাৰ ভিতৰত মাজবাট আৰু লামাবাৰী চাহ বাগিচাই মার্চ মাহৰ সম্পূর্ণ দৰমহা দিব যদিও এপ্রিল মাহৰ মাত্র ৭০ শতাংশহে দৰমহা দিব বুলি বাগিচা পৰিচালনা সমিতিয়ে আশ্বাস দিছে৷ কিন্তু কর্মচাৰী সন্থাই লিখিত প্রতিশ্রুতি বিচৰাত দিবলৈ অপাৰগবোধ কৰিছে বাগিচা পৰিচালনা সমিতিয়ে৷ আনহাতে বেতিবাৰী, বাহিপুখুৰী, বেটেলি, ধনশ্রী আৰু ওৰাং চাহ বাগিচাই মার্চ আৰু এপ্রিল মাহৰ কর্মচাৰীৰ দৰমহা ৭০ শতাংশ দিব যদিও ত্রিশ শতাংশৰ ক্ষেত্রত পুনৰীক্ষণ কৰিব খোজা কার্যক সংশ্লিষ্ট বাগিচাসমূহৰ কর্মচাৰী গোটে মানি লোৱা নাই৷

উক্ত সমস্যাটোৰ সন্দর্ভত পাঁচখন বাগিচাৰ কর্মচাৰী গোটে মিলিত হৈ আলোচনামর্মে ২৭ এপ্রিলত ওদালগুৰি জিলাৰ উপায়ুক্তক স্মাৰক–পত্র প্রদান কৰে৷ উপায়ুক্তই চৰকাৰী নির্দেশানুসৰি কর্মচাৰীসকলৰ প্রাপ্য দৰমহা দিবলৈ বাগিচা কর্তৃপক্ষক নির্দেশ দিয়ে৷ কিন্তু বাগিচা কর্তৃপক্ষই উপায়ুক্তৰ নির্দেশক গুৰুত্ব নিদি পূর্বৰ নিজ সিদ্ধান্ততেই অটল হৈ থকাত কর্মচাৰীসকল আর্থিক দৈন্যত ভুগিছে৷ পাঁচখন চাহ বাগিচাৰ পৰিচালনা সমিতিয়ে উপায়ুক্তৰ নির্দেশমর্মে দৰমহা প্রদান নকৰাত উপায়ান্তৰ হৈ কর্মচাৰী গোটে মাজবাটত এখন যৌথসভা আহ্বান কৰে৷ অসম চাহ কর্মচাৰী সংঘৰ বৰছলা চক্রৰ সম্পাদক অমিয় কুমাৰ ভট্টাচার্য আৰু কর্মচাৰী সংঘৰ কেন্দ্রীয় কার্যনির্বাহক ৰাতুল ডেকাৰ উপস্থিতিত অনুষ্ঠিত সভাখনৰ সিদ্ধান্তমর্মে কর্মচাৰীসকলে গণতান্ত্রিকভাৱে ন্যায্যপ্রাপ্তিৰ দাবীত এলানি ধাৰাবাহিক আন্দোলন কার্যসূচী হাতত লৈছে৷

সেইমর্মে আজি ক’লাবেজ পৰিধান কৰি কর্তব্য সমাপন, ২০ মে’ত হাতত কাঁহী–বাটি লৈ নিজ নিজ বাগিচাৰ কার্যালয়ৰ সন্মুখত ধর্ণা, ২১ মে’ত কর্মবিৰতি আৰু ২২ মে’ত নিজ নিজ বাগিচাৰ কার্যালয়ৰ সন্মুখত পুৱা ৬ বজাৰ পৰা অনশন কার্যসূচী ঘোষণা কৰিছে৷ উক্ত ধাৰাবাহিক কার্যসূচীৰ প্রতিদিনৰ কার্যসূচী সফল ৰূপায়ণৰ বাবে প্রতিগৰাকী কর্মচাৰীকে উপস্থিত থাকিবলৈ আহ্বান জনায় সম্পাদক অমিয় কুমাৰ ভট্টাচার্যই৷ ইফালে সকলো শ্রমিকে তলাবন্ধৰ সময়ছোৱাত ৰেচন–দৰবসহ মজুৰি প্রদান কৰিব বুলি চৰকাৰী নির্দেশনা আছিল যদিও বাগিচা পৰিচালনা সমিতিয়ে মুষ্টিমেয় শ্রমিকক এক হাজাৰ টকাকৈ দি দায়িত্ব সামৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ উক্ত টকা এতিয়া বাগিচা পৰিচালনা সমিতিয়ে সপ্তাহৰ বেতনৰ পৰা এশ টকাকৈ কর্তন কৰিব খোজা হঠকাৰী সিদ্ধান্তক একমুখে ধিক্কাৰ জনাইছে শ্রমিক আৰু কর্মচাৰী গোটে৷ এনে হঠকাৰী সিদ্ধান্ত বাতিল নকৰিলে অনির্দিষ্টদিনলৈ বাগিচাত বাগিচা পৰিচালনা সমিতিৰ প্রৱেশ নিষিদ্ধ কৰিবলৈ বাধ্য হ’ব শ্রমিক–কর্মচাৰীসক্৷

You might also like