আজি নলবাৰীত বিজয় সংকল্প দিৱসত অংশগ্রহণ গৃহমন্ত্রী অমিত শ্বাহৰ
নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আজি নলবাৰীত উপস্থিত হ’ব৷ নলবাৰী জিলাৰ পাইকাৰকুছিৰ ওচৰৰ কেন্দুকুছিত শ্বহীদ মুকুন্দ কাকতি ক্ষেত্রত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ উপস্থিতিত হ’ব লগা বিশাল বিজয় সংকল্প সমাৰোহ সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্রস্তুতি ইতিমধ্যে সম্পূর্ণ হৈ উঠিছে৷
আগন্তুক বিধানসভা নির্বাচনত বিজয়ৰ লক্ষ্যৰে এই বিজয় সংকল্প সমাৱেশৰ আয়োজন কৰা হৈছে৷ দিনৰ ১২ বজাৰ পৰা এই সমাৱেশ অনুষ্ঠিত হ’ব৷ সভাত কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে দিনৰ এক বজাত কোকৰাঝাৰৰ পৰা পোনে পোনে এই সমাৱেশত অংশগ্রহণ কৰাৰ কথা৷ বিজেপিৰ ৰাজ্যিক মুখপাত্র ৰূপম গোস্বামীয়ে প্রকাশ কৰা মতে, এই সমাৱেশত নামনি অসমৰ চাৰিখন জিলা ক্রমে নলবাৰী, বৰপেটা, বাক্সা আৰু উত্তৰ কামৰূপৰ ১২টা বিধানসভা সমষ্টিৰ প্রায় দুই লাখ লোকে অংশগ্রহণ কৰিব৷
ইতিমধ্যে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ আগমনক লৈ নলবাৰীত ব্যাপক নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে৷ নলবাৰীৰ কেইবাটাও বন্ধ হৈ থকা পথ সাময়িকভাৱে মুকলি কৰি দিয়া হ’ব বুলি সাংবাদিকৰ আগত ব্যক্ত কৰিছে বিজেপিৰ উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাই৷ ৰাইজে সমাৱেশলৈ অহাৰ ক্ষেত্রত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয়, তাৰ প্রতি বিশেষ গুৰুত্ব দিয়া হৈছে৷