নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি পৰিৱেশ দিৱসঃ প্রতি পৰিয়াললৈ দুটাকৈ গছপুলি ৰোপণৰ আহ্বান প্রকৃতিপ্রেমীৰ

নিয়মীয়া বাৰ্তা, ৫ জুনঃ  আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে ‘বহুবাক’ (বহুভাষিক সাহিত্য মঞ্চ, অসম), ‘নেচার্ছ বন্যপ্রাণ’ আৰু দক্ষিণ কামৰূপ সচেতন মঞ্চই অসমৰ প্রতিটো পৰিয়াললৈ অনুৰোধ জনাই কয় যে  প্রতিটো পৰিয়ালে দুটাকৈ গছপুলি ৰোপণ কৰি ইয়াক সংৰক্ষণ, সংবর্ধন কৰাত গুৰুত্ব আৰোপ কৰক৷

বহুবাকৰ প্রধান সম্পাদক দীপক শর্মা, নেচার্ছ বন্যপ্রাণৰ সভাপতি প্রদীপ কুমাৰ শর্মা, সচিবপ্রধান শংকৰ দত্ত, সচেতন মঞ্চৰ অধ্যক্ষ মদন দাস, প্রচাৰ সম্পাদক ৰঞ্জিত মহন্তই যুটীয়া প্রেছ বিবৃতিত কয় যে সময় থাকোঁতেই আমি নিজে নিজক সুৰক্ষিত কৰি ৰাখিব লাগিব৷ সকলো ক্ষেত্রতে চৰকাৰক ধিয়াই থাকিলে নহ’ব৷ অন্যথা আমি হেৰাই যাব লাগিব কালৰ বুকুত৷

আনহাতে, বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি শ্রীমন্ত শংকৰদেৱ সংঘই গুৱাহাটীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰিছে এটা বিশেষ অনুষ্ঠানৰ৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ প্রধান সম্পাদক বাবুল বৰাই এটা বিজ্ঞপ্তিত জনায় যে শ্রীমন্ত শংকৰদেৱ সংঘ, কেন্দ্রীয় সেৱা বাহিনী আৰু শিশু–আই মাতৃ কল্যাণ সমিতিৰ যৌথ উদ্যোগত আজি পুৱা ১০ বজাত সম্পূর্ণ ক’ভিড প্রট’কল ৰক্ষা কৰি বৃক্ষৰোপণ কার্যসূচী অনুষ্ঠিত হ’ব৷ অনুষ্ঠানত সংঘৰ প্রধান সম্পাদক বাবুল বৰাৰ উপৰি উপস্থিত থাকিব শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ সচিব সুদর্শন ঠাকুৰ৷

You might also like