নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিশ্ব পৰিৱেশ দিৱসঃ ১০গৰাকী বিশিষ্ট ব্যক্তিক প্রদান কৰা হ’ব পৰিৱেশ মিত্র সন্মান

নিয়মীয়া বাৰ্তা,৫ জুনঃ  জলবায়ু পৰিৱর্তনে নমাই অনা শংকা আঁতৰাবলৈ প্রতিটো অঞ্চলক সেউজ সুন্দৰ কৰি তোলাৰ লক্ষ্যৰে আজি উদযাপিত হ’ব বিশ্ব পৰিৱেশ দিৱস৷ কলিয়াবৰ মহকুমাত ৰাজ্যিক পর্যায়ত অনুষ্ঠিত হ’ব লগা এই পৰিৱেশ দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব বিজ্ঞান–প্রযুক্তি আৰু জলবায়ু পৰিৱর্তন বিভাগৰ মন্ত্রী কেশৱ মহন্ত৷

উল্লেখ্য যে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ১০গৰাকী বিশিষ্ট ব্যক্তিলৈ প্রদান কৰা হ’ব পৰিৱেশ মিত্র সন্মান৷ এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে গোলাঘাটৰ ড০ পদ্মেশ্বৰ গগৈ, কামৰূপ মহানগৰৰ অধ্যাপক পৰিমল চন্দ্র ভট্টাচার্য, মমিনা আখতাৰ, ড০ দীনেশ চন্দ্র গোস্বামী, কাছাৰৰ পার্থংকৰ চৌধুৰী, বাক্সাৰ বিজয় চৌধুৰী, নগাঁৱৰ প্রশান্ত বৰদলৈ, তিনিচুকীয়াৰ জয়নাল আবেদিন, লখিমপুৰৰ দেৱজিৎ ফুকন আৰু তিনিচুকীয়াৰ ক্ষণজিৎ গগৈ৷ পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি শ্রেষ্ঠ ইক’ ক্লাব হিচাপে সন্মানিত কৰা হ’ব তিনিচুকীয়া মহাবিদ্যালয়, বিজনী কলেজ, গুৱাহাটী মহাবিদ্যালয়, মৰিগাঁৱৰ মৈৰাবাৰী আদর্শ বিদ্যালয়, গোৱালপাৰা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বাক্সাৰ মডার্ন ইংলিছ স্কুল, ধেমাজি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সৰুপেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ক৷ একেদৰে শ্রেষ্ঠ পৰিৱেশ আৰু জলবায়ু কোষ হিচাপে সন্মানিত হ’ব ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়, কার্বি আংলঙৰ প্রণৱ জুবলী মহাবিদ্যালয় আৰু যোৰহাটৰ বাহনা মহাবিদ্যালয়৷

ৰাজ্যিকভাৱে কলিয়াবৰ মহকুমাত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পৰিৱেশ দিৱসত এছটেক আৰু মহকুমা প্রশাসনৰ যৌথ উদ্যোগত শ্যামলী কলিয়াবৰ শীর্ষক এক সেউজ প্রকল্পও শুভাৰম্ভ কৰা হ’ব৷ পুৱা ১০.৪৫ বজাৰ পৰা ১১ বজালৈ ১৫ মিনিট সময়ৰ ভিতৰত কলিয়াবৰ মহকুমাৰ প্রতিখন গাঁও পঞ্চায়ত এলেকা সামৰি এক লাখ গছপুলি ৰোপণ কৰা হ’ব৷ শ্যামলী কলিয়াবৰ প্রকল্পৰ অধীনতে সেই দিনা ৰোপণ কৰা গছপুলিসমূহ প্রতিপালনৰো ব্যৱস্থা কৰা হ’ব৷ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুভেচ্ছা জ্ঞাপন কৰিছে৷

You might also like