আজি সতী সাধনী দিৱসঃ তিতাবৰৰ বিভিন্ন ঠাইত বীৰাংগনা সাধনীক স্মৰণ
নিয়মীয়া বাৰ্তা, নগাবাট, ২০ এপ্ৰিলঃ এছিয়া মহাদেশৰ ভিতৰত প্ৰথম নাৰী বাহিনী গঠন কৰি নিজ মাতৃভূমিৰ ৰক্ষাৰ্থে প্ৰাণাহুতি দিয়া চুতীয়া জনগোষ্ঠীৰ মহাৰাণী আই সাধনীৰ স্মৃতি দিৱস আজি তিতাবৰ মহকুমাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰে। লকডাউন আৰু প্ৰতিকুল বতৰৰ মাজতো তিতাবৰ মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ লগতে ইয়াৰ অন্তৰ্গত আঞ্চলিক আৰু শাখা সমিতিসমূহে ঠায়ে ঠায়ে প্ৰশাসনৰ সকলো নীতি নিৰ্দেশনা মানি চলিয়েই বীৰাংগনা সাধনীৰ স্মৃতি দিৱস পালন কৰে।
পুৱা চুতীয়া ছাত্র সন্থাৰ মহকুমা আৰু আঞ্চলিক সমিতিয়ে তিতাবৰ পাব্লিক ক্লাৱত আয়োজিত সাধনী দিৱসৰ কাৰ্যসূচীত সংগঠনটোৰ পতাকা উত্তোলন কৰে সদৌ যোৰহাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা সমীৰ ৰঞ্জন শইকীয়াই। তেওঁ আই সাধনী আৰু ১২০ গৰাকী বীৰাংগনালৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে জনগোষ্ঠীটোৰ সৱল আৰু সম উন্নয়নৰ স্বাৰ্থত চুতীয়া জনগোষ্ঠীৰ সকলো দল-সংগঠনক একত্ৰিত হ’বলৈ আহ্বান জনায়। মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক গৌৰৱজ্যোতি নেওগে আঁত ধৰা অনুষ্ঠানটিত তিতাবৰ জিলা চুতীয়া জাতি সন্মিলনৰ পতাকা উত্তোলন কৰে সদৌ অসম চুতীয়া জাতি মহিলা সন্মিলনৰ সভানেত্ৰী জয়া বৰুৱাই। সতী সাধনীৰ প্ৰতিছব্বিত বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে তিতাবৰ জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি দ্বীপেন বৰুৱা আৰু মহকুমা চুতীয়া ছাত্ৰ সন্থাৰ প্ৰাক্তন উপদেষ্টা ভাস্কৰজ্যোতি বৰাই। লক ডাউনৰ সময়ত স্বাস্থ্য বিভাগ আৰু গৃহ বিভাগৰ সম্পূৰ্ণ নীতি নিৰ্দেশনাৰ মাজেৰে সাধনী দিৱসত অংশগ্ৰহণ কৰা সকলোকে তিতাবৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সিদ্ধাৰ্থ চুতীয়াই ধন্যবাদ জ্ঞাপন কৰে।
ইফালে নগাবাটত চুতীয়া ছাত্ৰ সন্থাৰ ৰাইডাংজুৰি আঞ্চলিক সমিতিয়ে অস্থায়ী কাৰ্যালয়তে বিৰাংগনা সাধনীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি স্মৰণ কৰে। কাৰ্যসূচীত ৰাইডাংজুৰি আঞ্চলিক সমিতিৰ সম্পাদক পিতাম্বৰ (পাপুল) চুতীয়া, উপদেষ্টা অৰবিন্দ চুতীয়া, বলীন চুতীয়া আদি উপস্থিত আছিল। মহকুমাৰ চুতীয়া ছাত্র সন্থাৰ অন্তৰ্গত বৰহোলা, ইকৰাণি, ৰজাবাহৰ, মাধপুৰ, চুঙী, এলেঙী, কচুখাত আদি অঞ্চলৰ আঞ্চলিক আৰু শাখা সমিতি সমূহৰ বিষয় ববীয়া সকলেও অনুষ্ঠুপীয়াকৈ সাধনী দিৱস পালন কৰাৰ কথা জানিবলৈ দিছে।