নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্দোলনৰ প্রভাৱঃ উকা–সেৰেঙা পশ্চিম কার্বি আংলঙৰ কোকা বনভোজস্থলী

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ পশ্চিম কার্বি আংলং জিলাৰ আমৰেং পৰিষদীয় সমষ্টিত অৱস্থিত কোকা বনভোজস্থলী৷ প্রতিবছৰে ডিচেম্বৰৰ পৰা জানুৱাৰীলৈ ৰাজ্যখনৰ বিভিন্ন প্রান্তৰ বনভোজকাৰী দলে প্রকৃতিৰ সেউজীয়া পৰিৱেশ উপভোগ কৰে৷ কিন্তু সম্প্রতি ৰাজ্যৰ সর্বত্র ‘কা’বিৰোধী আন্দোলন অব্যাহত থকা বাবে কোকা বনভোজস্থলীত এইবাৰ বনভোজ দলৰ সেৰেঙা উপস্থিতি পৰিলক্ষিত হয়৷

মূলতঃ দেওবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা বনভোজৰ দলে কোকা বনভোজস্থলীত ভিৰ কৰেহি৷ সপ্তাহটোৰ আন দিনতকৈ দেওবাৰে বনভোজস্থলীত বিৰ দি বাট নোপোৱা অৱস্থা হয়৷ কোকা নদীৰ সৈতে সংলগ্ণ বিশাল জলৰাশিৰে পৰিপুষ্ট জলপ্রপাতৰ নৈসর্গিক দৃশ্য উপভোগ কৰি আত্মহাৰা হোৱা প্রকৃতিপ্রেমীৰ আগ্রহ এইবাৰ যেন নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত প্রতিবাদে ম্লান কৰি দিলে৷

বিশেষকৈ বন্ধৰ দিনটোত নগণ্যসংখ্যক বনভোজ দল কোকা বনভোজস্থলীত পৰিলক্ষিত হয়৷ বাকীবোৰ দিনত উক্ত স্থানত নিমাওমাও পৰিৱেশ বিৰাজ কৰিছে৷ ফলত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পর্যটন বিভাগে বহু টকাৰ ৰাজহ হেৰুৱাবলগীয়া হৈছে৷ আনহাতে, ডিমা হাছাও জিলাৰ অন্তর্গত পানীমুৰ বনভোজস্থলীত কিন্তু ইয়াৰ ওলোটা প্রতিচ্ছবি পৰিলক্ষিত হৈছে৷ কোকাৰ বিপৰীত দিশত থকা পানীমুৰ বনভোজস্থলীত ইতিমধ্যে ডিমা হাছাও জিলাৰ লগতে জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা বনভোজৰ দলে ভিৰ কৰা পৰিলক্ষিত হৈছে৷ অৱশ্যে কার্বি আংলং জিলাৰ অন্তর্গত কোকা বনভোজস্থলীলৈ বিস্তৃত গডকাপ্ঢানী পথটোৱে বিধ্বস্ত ৰূপ লোৱাৰ ফলতো এইবাৰ কোকালৈ বনভোজ দলৰ আগমন সেৰেঙা হোৱা বুলি স্থানিয় ৰাইজে এই প্রতিবেদকক জানিবলৈ দিয়ে৷

You might also like