নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন জনগোষ্ঠী–জনজাতিৰো সংবিধানপ্রদত্ত অধিকাৰ সুৰক্ষিত হ’ব লাগিবঃ লুৰিণজ্যোতি গগৈ

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ সদৌ অসম ছাত্র সন্থাই বড়ো সমস্যাৰ শান্তিপূর্ণ স্থায়ী সমাধান হোৱাটো বিচাৰে৷ নিশ্চয় ৰাজনৈতিকভাৱেই বিষয়টোৰ সমাধান হ’ব লাগিব, কিন্তু একে সময়তে বিটিআৰত বসবাস কৰা অন্যান্য খিলঞ্জীয়া জনজাতি–জনগোষ্ঠীস অধিকাৰসমূহো সুৰক্ষিত হ’ব লাগিব৷ এই মন্তব্য আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ৷

সোমবাৰে স্বাক্ষৰ হোৱা বড়ো শান্তি সন্দর্ভত নিজৰ মতামত প্রকাশ কৰি আছু নেতাগৰাকীয়ে লগতে কয় যে বি টি আৰত বসবাস কৰা সকলো ৰাইজে শান্তি আৰু ভাতৃত্ববোধৰ মাজেৰে আগবাঢ়িব লাগিব৷ কাৰণ অকলে কোনো জীয়াই থাকিব নোৱাৰে৷ সেইবাবে বড়ো জনজাতিৰ আত্মনিয়ন্ত্রণৰ অধিকাৰ সুৰক্ষিত হোৱাৰ লগে লগে আন আন জনগোষ্ঠী–জনজাতিস ভূমি, চাকৰি–বাকৰি, ব্যৱসায় আদিৰ লগতে সকলো সংবিধানপ্রদত্ত অধিকাৰো সুৰক্ষিত হ’ব লাগিব৷

You might also like