নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আবতৰীয়া উৎসৱমুখৰ পৰিবেশত বিধৌত হ’ব লখিমপুৰ জিলা

ঘৰে ঘৰে উৎসৱৰ লেখীয়াকৈ পৰিবেশ সৃষ্টিৰ আহ্বান জিলা উপায়ুক্ত ৰ

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ: বিহু, পূজা অথবা কোনো জাতীয় উৎসৱৰ বাবে নহয়। এইবাৰ আবতৰীয়া উৎসবমুখৰ পৰিবেশত বিধৌত হব লখিমপুৰ জিলা। অহা দুই অক্টোবৰত লখিমপুৰ জিলাৰ সোণালী জয়ন্তী উপলক্ষে সৃষ্টি হব এনে পৰিবেশ। উল্লেখ যোগ্য যে ১৯৭২ চনৰ দুই অক্টোবৰত ডিব্ৰুগড়ৰ পৰা ফালি গঠন কৰা লখিমপুৰ জিলাই সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে। ১৯৯৬ ত উদযাপন কৰা হৈছিল জিলা গঠনৰ ৰূপালী জয়ন্তী। অহা দুই অক্টোবৰৰ দিনা সোণালী জয়ন্তী ৰ দিনটো জিলা খনৰ প্ৰতি ঘৰতে উৎসৱৰ লেখীয়াকৈ পালন কৰিবলৈ আহ্বান লখিমপুৰ জিলা প্ৰশাসনৰ। আজি পুৱা বেলা জিলাৰ উপায়ুক্ত সুমিত সাত্তাৱানে উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত সংবাদ কৰ্মীসকলৰে মিলিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে জিলাখনৰ ৰাইজলৈ এই আহ্বান জনায়। প্ৰশাসনৰ উদ্যোগত নগৰৰ ত্যাগ ক্ষেত্রত দুই অক্টোবৰত দিন জোৰা কাৰ্য্যসূচী ৰে এই দিৱসৰ আয়োজন কৰা বুলি উপায়ুক্ত ই সদৰি কৰে।এই উপলক্ষে ইতিমধ্যে এটা পৰ্টেল মুকলি কৰা হৈছে আৰু ৰাইজে সংশ্লিষ্ট বিষয়ৰ লগত সংগতি ৰাখি জিলা খনৰ ফটো ভিডিও আপলোড কৰি প্ৰস্তুত কৰা হৈছে। বিভিন্ন ক্ষেত্রৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা সকলক পুৰস্কাৰ প্ৰদান কৰা ৰ লগতে সাংস্কৃতিক সহ বিভিন্ন কাৰ্য্য সূচী গ্ৰহণ কৰা হৈছে। এখন স্মাৰক গ্ৰন্থ প্ৰকাশ ৰো দিহা কৰা হৈছে।সাংস্কৃতিক অনুষ্ঠান ত শিল্পী মৌচম গগৈয়েও অংশগ্রহণ কৰিব। উপায়ুক্ত ই জিলা খনৰ সোণালী জয়ন্তী দিৱসৰ দিনটোত জিলা বাসীক অনুষ্ঠানত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱাৰ উপৰি গৰ্বেৰে এজন লখিমপুৰীয়া হিচাপে ঘৰে ঘৰে উৎসৱৰ লেখীয়াকৈ দিৱসটো পালন কৰিবলৈ অনুৰোধ কৰে।

You might also like