আমদানিকৃত নেতাক কোনোপধ্যে মানি নলয় ছয়গাঁও অগপৰ নিষ্ঠাৱান কৰ্মীয়ে
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ ক’ৰোনা ত্ৰাসৰ মাজতে পলাশবাৰী সমষ্টিত নিৰ্বাচনকেন্দ্ৰিক বতাহে উত্তপ্ত কৰি তোলাৰ সময়তে শেহতীয়াকৈ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিটো ৰাজনৈতিক বতাহ গৰম হোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে ৷ উল্লেখ্য যে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সম্পাদক তথা অসম চৰকাৰৰ খাদী আৰু গ্ৰামদ্যোগ বোৰ্ডৰ অধ্যক্ষ কমলা কলিতাই ছয়গাঁও সমষ্টি এৰি দিব বুলি চৰ্চা চলাৰ পিছতেই সমষ্টিটোত বিজেপি দলটোৱে সাংগঠনিক দিশটো অধিক প্ৰসাৰ তথা শক্তিশালী কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷
ৰাইজৰ মাজত সক্ৰিয়ভাৱে কাম কৰি থকা বিজেপি নেতা নিংকু হুজুৰীকে ধৰি দুজনমান নেতাৰ টিকটৰ আশাৰে সমষ্টিটোত নিৰ্বাচনী কুচ কাৱাজ আৰম্ভ কৰিছিল ৷ বিজেপিৰ এই নিৰ্বাচনী কুচ কাৱাজৰ মাজতেই কিছুদিনৰ পৰা সমষ্টিটোত চলা আন এক চৰ্চাই বিজেপিৰ লগতে অগপৰ ভিতৰচ’ৰাত তীব্ৰ খলকনিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷ কেৱল তীব্ৰ খলকনিয়েই নহয় অগপ আৰু বিজেপিৰ অধিকসংখ্যক লোক ক্ষোভিত হৈ পৰা বুলি ৰাজনৈতিক মহলত চৰ্চা চলিছে।
কমলা কলিতাই ছয়গাঁও সমষ্টি এৰাৰ বিপৰীতে সমষ্টিটোত কংগ্ৰেছৰ পৰা নিলম্বিত নেতা দুলু আহমেদে অগপৰ টিকটত নিৰ্বাচন খেলিব বুলি ওলোৱা খবৰে এতিয়া বিজেপি বাদেই খোদ অগপৰ অধিকাংশ নেতা-কৰ্মীৰ মাজত ক্ষোভৰ উদগীৰণ ঘটাইছে ৷ খবৰ অনুসৰি ছয়গাঁৱৰ পৰা অগপ দলৰ হৈ নিৰ্বাচন খেলি দুলু আহমেদে ছয়গাঁও সমষ্টিত কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদক ২০ হেজাৰ ভোটত পৰাজিত কৰিব বুলিও তেওঁৰ একাংশ সাংগোপাংগই প্ৰচাৰ চলোৱা বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে কালি দুলু আহমেদে ছয়গাঁৱৰ কেইবাগৰাকী ৰাজনৈতিক দলৰ স্থানীয় নেতাৰ লগত ছয়গাঁৱৰ গড়কাপ্টানী পৰিদৰ্শন বাংলাত এক বৈঠকত মিলিত হোৱা বুলি জানিব পৰা গৈছে ৷ বিগত দিনকেইটাত দুলু আহমেদে আগন্তুক নিৰ্বাচনত ছয়গাঁও সমষ্টিৰ অগপৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি কৰা সস্তীয়া প্ৰচাৰত অধিক ক্ষোভিত হৈ পৰিছে ছয়গাঁও অগপৰ নিষ্ঠাৱান নেতা-কৰ্মীসকল ৷
ৰাজনৈতিক মহলত চৰ্চা অনুসৰি অগপক যদি ছয়গাঁও সমষ্টি সঁচাকৈয়ে দিয়ে তেতিয়া কমলা কলিতাৰ অবিহনে আন কোনো আমদানিকৃত নেতাক মানি নলয় বুলি ৰাজনৈতিক মহলত সঘনাই চৰ্চা চলিছে ৷ প্ৰয়োজনত আমদানিকৃত নেতাৰ বিৰুদ্ধে ছয়গাঁও অগপই প্ৰতিবাদ কৰিব বুলিও জানিব পৰি গৈছে ৷ কেৱল সেয়াই নহয় এইবাৰো যদি ছয়গাঁও সমষ্টিটো অগপক এৰি দিয়ে আৰু যদি কমলা কলিতাই সমষ্টিটোৰ পৰা নিৰ্বাচন নেখেলে তেন্তে ছয়গাঁও অগপৰ পৰা কেইবাগৰাকী স্থানীয় অগপ নেতাই সমষ্টিটোৰ পৰা প্ৰাৰ্থিত্বৰ দাবীদাৰ হ’ব বুলি ৰাজনৈতিক সূত্ৰত প্ৰকাশ৷
আনহাতে সমষ্টিটোত আমদানিকৃত ব্যক্তিক প্ৰাৰ্থিত্ব দিলে অগপৰ ছয়গাঁৱৰ এগৰাকী আগশাৰীৰ নেতাই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাটো প্ৰায় চূড়ান্ত হৈছে ৷ অগপ কৰ্মীসকলৰ দাবী যে এইবাৰ ছয়গাঁৱত অগপ দলৰ পৰা স্থানীয় প্ৰাৰ্থী বিজয়ী হোৱাটো খাটাং ৷