নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহোম জনগোষ্ঠী সন্দর্ভত বিতর্কিত মন্তব্যঃ ৰাজহুৱা ক্ষমা বিচাৰিলে কংগ্রেছ নেতা ভৰত চন্দ্র নৰহে

নিয়মীয়া বাৰ্তা, ২৯ মেঃ আহোম জনগোষ্ঠী সন্দর্ভত বিতর্কিত মন্তব্য কৰি প্রতিবাদৰ সন্মুখীন হোৱা জ্যেষ্ঠ কংগ্রছ নেতা তথা নাওবৈচাৰ বিধায়ক ভৰত চন্দ্র নৰহে অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ’ল৷ বিগত ২৪ মে’ত অসম বিধানসভাত ৰাজ্যপালৰ ভাষণ বিতর্কত অংশগ্রহণ কৰি নৰহে মন্তব্য কৰিছিল যে অসমলৈ আহোমতকৈ পূর্বে মুছলমানৰ আগমন ঘটিছিল৷ ইয়াৰ পাছতে আহোম সংগঠনসমূহ জ্যেষ্ঠ কংগ্রেছ নেতাগৰাকীৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল৷

অৱশেষত ৰাজহুৱাকৈ ক্ষমা বিচাৰি ভৰত চন্দ্র নৰহে সামাজিক মাধ্যমত এইদৰে উল্লেখ কৰে– ‘কোনো ব্যক্তি, সংগঠন, জাতি–জনগোষ্ঠীবা সম্প্রদায়ক অপমান বা আঘাত দিয়াৰ এই বক্তব্যৰ উদ্দেশ্য নাছিল ৷ তথাপি মোৰ বক্তব্যই কোনো ব্যক্তি , সংগঠন বা সম্প্রদায়ৰ মনত যদি আঘাত দিছে তাৰ বাবে মই দুখ প্রকাশ কৰিছেছা৷ ভৱিষ্যতে এনে স্পর্শকাতৰ বিষয়ত বক্তৃতা দিওঁতে মই সদায় সাৱধানতা অৱলম্বন কৰিম বুলি ৰাইজক প্রতিশ্রুতি দিছেছা ৷ অসমত ছশ বছৰ ৰাজত্ব কৰি বৰ অসম গঢ়া আহোম সম্প্রদায়ৰ প্রতি মোৰ আগৰ পৰাই শ্রদ্ধা আৰু ভক্তি আছে আৰু ভৱিষ্যতেও ই সদায় অটুট থাকিব ৷ মোৰ বত্তৃণতাৰ কিছু বাক্যই যদি আহোম সম্প্রদায়ৰ স্বাভিমানত আঘাত হানিছে , মই ইয়াৰ দ্বাৰাই ক্ষমা বিচাৰিছোঁ ৷’

You might also like