নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষীৰ জালত চুৰি সামগ্রীসহ ৯ চোৰ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ  কামপুৰস্থিত নগাঁও সমবায় চেনিকলৰ বহু মূল্যৱান সামগ্রী চুৰি কৰি বিক্রী কৰিব নিওঁতেই কামপুৰ আৰক্ষীয়ে এক গোপন সূত্রৰ পম খেদি যোৱানিশা ৯ জনকৈ চোৰক আটক কৰিবলৈ সক্ষম হয়৷ কামপুৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া পৰমেন্দ্র সিঙৰ নেতৃত্বত যোৱানিশা খাপপিটি কামপুৰৰ পৰা ৰজাআলিলৈ গাড়ীৰে নি থকা অৱস্থাত সামগ্রীসহ চোৰৰ দলটোক আটক কৰে৷ আৰক্ষীয়ে আটক কৰা চোৰকেইজন হৈছে– বিমান বৰা, মানস শইকীয়া, টোটেন বৰা, বাবুল শইকীয়া, বীৰেন শইকীয়া, দিলীপ বৰা, দীপ দাস, পিংকু দাস আৰু মিথুন দাস৷ প্রায় পাঁচ লাখ টকা মূল্যৰ এই চুৰি সামগ্রীখিনিৰ ভিতৰত আছে ৩০ কেজি ওজনৰ পিতলৰ পাইপ, মটৰ আৰু অন্যান্য মূল্যৱান যন্ত্রপাতি৷

উল্লেখ্য যে চৰকাৰীভাৱে চেনি উদ্যোগটো মৃত ঘোষণা কৰাৰ পিছত দীর্ঘদিনৰ পৰা স্থানীয় একাংশ যুৱকে চুৰি কার্য অব্যাহত ৰখাৰ লগতে চেনিকলটোত কোনো পহৰা নথকাৰ বাবেই এনেদৰে চুৰিৰ ঘটনা সংঘটিত হ’বলৈ পাইছে৷

You might also like