নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী বিষয়া ৰণজিৎ দাসৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ১৯ জুলাইঃ  গুৱাহাটী জালুকবাৰীৰ যান–বাহন শাখাৰ আৰক্ষী পৰিদর্শক, দক্ষ আৰক্ষী বিষয়া ৰণজিৎ দাসৰ কালি পুৱা পৰলোকপ্রাপ্তি ঘটে৷ তেওঁৰ মৃত্যুত জন্মস্থান বৰপেটাত শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল প্রায় ৫৯ বছৰ৷ চাৰি দিন পূর্বে ঘৰৰ ছাদৰ ওপৰত শাৰীৰিক ব্যায়াম অনুশীলন কৰি থকা অৱস্থাত উচ্চ ৰক্তচাপত আক্রান্ত হৈ অসুস্থ হোৱাত অতি সংকটজনক অৱস্থাত গুৱাহাটী জি এন আৰ চি হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ পৰৱর্তী সময়ত দাসৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটাত তেওঁক ভেণ্টিলেটৰত ৰখা হৈছিল৷ চিকিৎসাধীন অৱস্থাতে আজি পুৱা ১০.৩০ বজাত আৰক্ষী বিষয়া দাসে শেষ নিশ্বাস ত্যাগ কৰে৷

জন্মসূত্রে বৰপেটা চহৰৰ নহাটীৰ প্রয়াত ভাৰত দাসৰ পুত্র ৰণজিৎ দাসৰ পৰিয়ালটোৱে প্রায় সত্তৰৰ দশকত জন্মস্থান এৰি মেটুৱাকুছি শান্তি নগৰত বসতি কৰিবলৈ লয়৷ দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰি তেওঁ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লয়৷ অসম আন্দোলনৰ সময়ত তেওঁ সক্রিয়ভাৱে অংশগ্রহণ কৰিছিল৷ পৰৱর্তী সময়ত তেওঁ অসম আৰক্ষীত যোগদান কৰে৷ চাকৰিৰ পৰা দাসৰ অৱসৰ গ্রহণ কৰিবলৈ প্রায় চৈধ্য মাহ বাকী আছিল৷ ক্রীডানুৰাগী, সংস্কৃত মনৰ গৰাকী দাসে চাকৰিসূত্রে গুৱাহাটীত বসতি কৰিলেও জন্মস্থান বৰপেটাৰ প্রতি এটা বিশেষ প্রাণ আছিল৷

বৰপেটা সত্রত অনুষ্ঠিত দৌল মহোৎসৱ, দোমাহী আদি সকলো উৎসৱতে অংশগ্রহণ কৰি বন্ধু–বর্গৰ স’তে সম্পর্ক ৰক্ষা কৰিছিল৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, এগৰাকী কন্যা সন্তান, ভাতৃ–ভগ্ণীসহ আত্নীয়–স্বজনক ইহসংসাৰত এৰি থৈ যায়৷ তেওঁৰ মৃত্যুত বৰপেটা সমষ্টিৰ বিধায়ক গুণীন্দ্র নাথ দাস, ক্লাব ৰাইনো, বৰপেটা কেওট জাতীয় পৰিষদ, ইনভিকটাছ,বৰপেটা, ৰংঘৰ বৰপেটা, সাংস্কৃতিক অনুষ্ঠান জনান্তিক প্রমুখ্যে ভালেমান অনুষ্ঠানে গভীৰ শোক প্রকাশ কৰিছে৷

You might also like