নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউকো বেংকৰ কৃষি ঋণত ভয়ংকৰ কেলেংকাৰী; খৈৰাবাৰী-টংলাত বেংকৰ ৪ দালালক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: ৰাজ্য খনত অসম চৰকাৰে দাদালৰাজ উৎখাত কৰিবলৈ যিমানেই কঠোৰ হৈ পৰিছে এচাম দালালে আকৌ এনে কঠোৰ নীতিৰ বিৰুদ্ধে গৈ দাদাল কায্যত নামি পৰা পৰিলক্ষিত হৈছে।দালাল ৰাজৰ বিৰুদ্ধে কঠোৰ হৈ অহাৰ সময়তে কালি ওদালগুৰি জিলাৰ খৈৰাবাৰী ইউকো বেংকত কৃষি ঋণৰ নামত দালালি কায্যত জড়িত হৈ অহা চাৰিটা অভিযুক্তক আৰক্ষীয়ে খৈৰাবাৰী আৰু টংলাৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ সম্পৰ্কে জানিব পৰামতে ইউকো বেংকৰ খৈৰাবাৰী শাখাত বিগত কেইবা বছৰৰ পৰা কৃষি ঋণৰ ক্ষেত্ৰত হিতাধিকাৰী কৃষকৰ নামত জালিয়তিৰে কেইবা লাখ টকা আত্মসাৎ কৰা ঘটনাত জড়িতৰ অভিযোগত কটৰা গাঁৱৰ ক্ৰমে মিৰ হোছেইন (৪৮), মইদুল ইছলাম(৩৫) আৰু বৰনদীঝাৰৰ ললিত ৰাজবংশী (৫৯) নামৰ তিনি দালালক  খৈৰাবাৰী আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰাৰ পিছত আজি টংলাৰ চিত্ৰনগৰৰ ভাড়াঘৰৰ পৰা ভৱেন্দ্ৰ লহকৰ নামৰ আন এটা দালালক সোধপোছৰ বাবে আটক কৰে ৷ দালালটোৰ ভাড়াঘৰৰ আৰক্ষীয়ে বহু আপত্তিজনক নথিপত্ৰ জব্দ কৰে ৷ এওলোকৰ বিৰুদ্ধে খৈৰাবাৰী থানাত ২৮/২০২২ গোচৰৰ অধীনত ৪০৬/৪০৯/৪১৭/৪২০/৩৪ ভাৰতীয় দণ্ড বিধি আইনত এক গোচৰ ৰুজু কৰি তদন্তৰ অব্যাহত ৰাখিছে ৷দালাৰ বিৰুদ্ধে আৰক্ষী নামি পৰা কায্যত সচেতন মহলৰ লগতে ভুক্তভোগি ৰাইজে আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰিছে।
বাপন শৰ্মা, টংলা।
You might also like