নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনিত অব্যাহত আছে কয়লাৰ বৃহৎ ছিণ্ডিকেটঃ অত্যাধিক বোজাই কয়লা গাড়ীয়ে চৰকাৰক দিছে বৃহৎ কৰ ফাঁকি

নিয়মীয়া বাৰ্তা, ৪ মার্চ: চৰকাৰৰ দুৰ্নীতি মুক্ত , প্ৰদূষণ মুক্ত জয়ঢোল কোবোৱা কাৰ্যক একপ্ৰকাৰ ধূলিসাৎ কৰি একাংশ ৰাজনৈতিক দলৰ তথাকথিত নেতা – পালিনেতাই বিনাবাধাই চলাই আহিছে বৃহৎ কয়লাৰ ছিণ্ডিকেট । অসমৰ ৰাজনীতি ক্ষেত্ৰখনত তোলপাৰ লগোৱা এই কয়লা ছিণ্ডিকেটকলৈ অসম বিধান সভাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱাৰো নজিৰ আছে । এই কয়লা ছিণ্ডিকেট চক্ৰই ন্যায়ালয়ৰ নিৰ্দেশনাকো কেৰেপ নকৰি নিৰ্বিঘ্নে অব্যাহত ৰাখিছে কয়লাৰ বৃহৎ ব্যৱসায় । উজনি অসমৰ চৰাইদেউ,শিৱসাগৰ জিলাত কয়লাৰ এখন কলা সাম্ৰাজ্য গঢ় লৈ উঠিছে আৰু এই কলা জগতখনত একাংশ ৰাজনৈতিক দলৰ নেতাৰ নামো সাঙুৰ খোৱাৰ অড়ভিযোগ উঠিছে । অভিযোগ মতে দুয়োখন জিলাৰ একাংশ আৰক্ষী থানাই থানাই মোটা অংকৰ ধন দি ছিণ্ডিকেট চক্ৰটোয়ে মেনেজ কৰিছে আৰক্ষীৰ শীৰ্ষ মহলৰ লগতে একাংশ মন্ত্ৰী — বিধায়ক , একাংশ দল — সংগঠনৰ নেতা — পালিনেতা আৰু একাংশ বচা বচা সংবাদসেৱীক । কয়লা ছিণ্ডিকেটক কেন্দ্ৰ কৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তেই উজনি অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া – কৰ্মচাৰীৰ সমান্তৰালকৈ একাংশ থানা আৰু জিলা আৰক্ষী বিভাগৰ একাংশ বিষয়াৰ পৃষ্ঠপোষকতা তেই কুখ্যাত চক্ৰ এটাই মুকলিমুৰিয়াকৈ কয়লা ছিণ্ডিকেট অব্যাহত ৰখাৰ অভিযোগ উঠি আহিছে । চৰাইদেউ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া — কৰ্মচাৰী আৰু কেইবাখনো থানাৰ আৰক্ষীয়ে ছিণ্ডিকেট চক্ৰটোক অতিৰিক্ত কয়লা বোজাই কৰা ট্ৰাক সমূহ নাজিৰা মহকুমাইদি শিৱসাগৰ দিশে অহাৰ সুযোগ প্ৰদান কৰে । ইয়াৰ সমান্তৰালকৈ শাসকীয় দলৰ নেতা — কৰ্মীয়ে আৰক্ষী পৰিবহণ বিষয়াৰ লগত বুজাবুজি কৰি নামতোলা , মথুৰাপুৰ , লাকুৱা , বিহুবৰ , শিমলুগুৰি , গেলেকী , নামতি , নাজিৰা , হালোৱাটিং আৰু আমগুৰি আৰক্ষী থানাৰ সন্মূখেদি অতিৰিক্ত কয়লা বোজাই শ শ  ট্ৰাক নিৰ্বিঘ্নে পাৰ কৰি আহিছে । শিৱসাগৰ জিলাতো সকলো ধৰণৰ নীতি — নিয়ম ভংগ কৰি আৰক্ষী আৰু পৰিবহণ বিষয়াৰ কাৰ্যালয়েই কয়লা ছিণ্ডিকেটৰ নেৰ্তৃত্ব দিয়াৰ চক্ৰটোক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ নতুন নহয় । নাগালেণ্ডৰ নাগিনিমৰা , টুলি , মোককচাং , এনাকি বস্তি , তেৰমাইল , বিশমাঈল , তামলুং , মাৰাংকুং , মলংবস্তি , দুইনং মলংবস্তি , কানচিং বস্তি , দহমাইল , তিনিনং মলংবস্তি , নামচাঙকে ধৰি প্ৰায় ৬০ — ৭০ টা স্থানত স্থানীয় নগা আৰু অসমৰ একাংশ ব্যৱসায়ীৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পুজিপতি গোষ্ঠীয়ে মুক্ত ভাৱে কয়লা খনন কৰে । এই কয়লা সমূহৰ বৃহৎ এটা অংশ চূণপোৰা , গড়গাঁও , বিহুবৰ , গেলেকী , আৰু চৰাইদেউ জিলাৰ নিমনাগড় আদি অঞ্চলত একাংশ লোকে  জমা কৰি ৰাখে । বৈধ — অবৈধ ভাৱে জমা ৰখা কয়লা সমূহ শিৱসাগৰ নগৰৰ মাজেৰে গুৱাহাটীৰ , ধুবুৰী তথা বহি ৰাজ্যলৈ বৃহৎ বৃহৎ ট্ৰাকেৰে সৰবৰাহ কৰে । নাগালেণ্ডৰ পৰা হালোৱাটিং , আমগুৰি , গেলেকী , নামতি , নাজিৰা আৰক্ষী থানা অতিক্ৰমী প্ৰতি নিশাই ৬০- ৭০ খনকৈ কয়লা পৰিবাহী ৰাক ৩৭ , ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গুৱাহাটী সহিতে দেশৰ বিভিন্ন প্ৰান্তলৈ যায়  । অভিযোগ মৰ্মে নাগালেণ্ডৰ পৰা অহা প্ৰতিখন অতিৰিক্ত কয়লা পৰিবাহী ট্ৰাকে ছিণ্ডিকেট চক্ৰটোক ৪/৫ হাজাৰ টকাকৈ দিব লগাত পৰে বুলি অভিযোগ উঠিছে । এই ধন প্ৰদান কৰাৰ পিছতহে কয়লা পৰিবাহী ট্ৰাক সমূহক বিভিন্ম প্ৰান্তলৈ সৰবৰাহ কৰিবলৈ দিয়ে । ধন আদায়ৰ অবিহনে এখন গাড়ীও ৰাষ্ট্ৰীয় ঘাই পথেৰে পাৰহৈ যোৱাটো সম্ভৱ নহয় । ইয়াৰ অন্যথা এশ এবুৰি অভিযোগত কয়লা পৰিবাহী ট্ৰাকসমূহ ছিণ্ডিকেট চক্ৰটোৱে আৱদ্ধ কৰি ৰাখে । আনহাতে কয়লা ব্যৱসায়ী সকলে অতিৰিক্ত কয়লা পৰিবহণ কৰাৰ বাবে জিলা পৰিবহণ বিষয়া কাৰ্যালয়ত মাহেকীয়া হিচাপত ধন আদায় কৰিব লগা হয় । ইয়াৰ অন্যথা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে অভিযান চলোৱাটো নিশ্চিত হৈ পৰে । ইফালে অতিৰিক্ত কয়লা পৰিবহণ কৰা শ শ ট্ৰাক সমূহে বাট — পথ সমূহ ধ্বংস কৰি আহিছে সেই বিষয়ত গুৰুত্ব দিবলৈ কাৰোৰে আহৰি নোহোৱা হৈ পৰিছে । যাৰ বাবে জনগণে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিব লগা পৰিস্থিতি উদ্ভৱ হৈছে । বৈধ-অবৈধ কয়লা ট্ৰাক সমূহৰ চালক সকলে গুৰু গোঁসাই নামানি ৰাজপথত চলাচল কৰি অহাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰসকলৰ জীৱনলৈ ভয়ংকৰ বিপদ কঢ়িয়াই আনিছে । এই ক্ষেত্ৰত প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে ।
You might also like