নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলু মুদুলি বস্ত্ৰনগৰীৰ মহাবাহুৰ পাৰ: শুৱালকুছিত আজি ৫৭ তম্ ৰাষ্ট্ৰীয় ক্ৰছকাণ্ট্ৰী চেম্পিয়নশ্চিপ

নিয়মীয়া বাৰ্তা, ৭ জানুৱাৰী:  অসম এথলেটিক্‌ছ এচ’ছিয়েছনৰ উদ্যোগত শুৱালকুছি ক্ৰীড়া সন্থাৰ সহযোগত কাইলৈ অনুষ্ঠিত হ’ব ৫৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰছকাণ্ট্ৰী চেম্পিয়নশ্চিপ ৷ ইতিমধ্যে ভাৰতবৰ্ষৰ ৩০ খন ৰাজ্যৰ ৫৬০ গৰাকী খেলুৱৈ, ১৪০ গৰাকী প্ৰশিক্ষক-মেনেজাৰ আৰু টেকনিকেল অফিচিয়েল আহি বস্ত্ৰনগৰী শুৱালকুছিত উপস্থিত হৈছে ৷ খেলুৱৈ সকলক আয়োজক সমিতিৰ হৈ শুৱালকুছি ক্ৰীড়া সন্থাৰ কৰ্মকৰ্তা সকলে পুৱাৰে পৰা গাঁওখনৰ প্ৰৱেশ টোৰণত প্ৰত্যেক গৰাকী খেলুৱৈক অসমৰ স্বাভিমান এখোনকৈ ফুলাম গামোচাৰে আদৰণি জনাইছে ৷ আজি খেলুৱৈ সকলে শুৱালকুছিৰ বালিচৰৰ সেউজ দলিচাত প্ৰাকৃতিক পৰিৱেশত অনুশীলনত ব্যস্ত হয় ৷ উদুলি মুদুলি হৈ পৰিছে মহাবাহুৰ পাৰ ৷ আয়োজক সমিতিৰ সভাপতি তথা মুখ্যমন্ত্ৰী বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধৰীয়ে আজি খেল পথাৰত উপস্থিত হৈ খেলখনৰ সকলো দিশ পৰ্যবেক্ষণ কৰে ৷ খেলুৱৈ সকল থকামেলা, খোৱা লোৱাক ধৰি প্ৰতিটো দিশ নিৰিক্ষণ কৰে ৷ কাইলৈ পুৱা ৬-৩০ বজাত বন্তি প্ৰজ্বলনৰে প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰিব ডেকা সত্ৰাধিকাৰ ৰাজিৱ লোচন সন্তই ৷ গান ফায়াৰৰে প্ৰতিযোগিতা আৰম্ভ কৰিব আদৰণি সমিতিৰ সভাপতি হেমন্ত চৌধুৰীয়ে ৷ পুৱা ৭ বজাৰ পৰা আঠটা ইভেণ্টত লৰা ছোৱালী দুয়োটা শাখাত ক্ৰছকাণ্ট্ৰী দৌৰ প্ৰতিযোগিতা চলিব ৷ ইয়াৰ উপৰি ভাৰতীয় এথলেটিকচ সন্হা, অসম অলিম্পিক সন্হা, আদৰণি সমিতি আৰু শুৱালকুছি ক্ৰীডাসন্হাৰ পতাকা উত্তোলন কৰা হব ৷ আৰম্ভণি অনুস্হানত কেবাগৰাকী শিল্পী আৰু বিশিষ্ট নাগৰিকে অংশ গ্ৰহণ কৰিব বুলি সম্পাদক গৌতম বৈশ্যই জানিবলৈ দিছে ৷

দিলীপ মেধি, শুৱালকুছি

You might also like