নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৰিয়াগাঁৱত বৃক্ষৰোপন যুৱ-ছাত্ৰ উন্নয়ন সমিতি আৰু ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ

নিয়মীয়া বাৰ্তা, ১৭ডিচেম্বৰ:  থলুৱা ব্যৱসায়ীক উচ্ছেদ কৰি বহি:ৰাজ্যৰ বণিয়াক উৰিয়াগাঁও চকৰ সমীপৰ মাটি গতাই দিয়াৰ প্ৰতিবাদকল্পে অবিৰত আন্দোলন চলাই নিয়াৰ পৰিকল্পনা অনুযায়ী আজি ঐতিহাসিক উৰিয়াগাঁও খেলপথাৰখনৰ দক্ষিণ দিশে বৃক্ষৰোপনৰ কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতি, উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ শতাধিক প্ৰতিনিধিয়ে।২০০৩-২০০৪ বৰ্ষতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে থলুৱা ৰাইজৰ পৰা পানীৰ দৰত ক্ৰয় কৰা ভূমিৰ অন্তৰ্ভুক্ত হৈছিল ঐতিহাসিক খেলপথাৰখনো।জানিবলৈ পোৱা মতে পৰবৰ্তী সময়ত পৰিষদৰ লগতে উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ তৰফৰ পৰা বাৰম্বাৰ আৰ্জি দাখিল কৰাৰ পাছতো ৪খনকৈ ঐতিহ্যমণ্ডিত স্ত্ৰী শিক্ষাৰ বিদ্যালয় থকাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু স্থানীয় প্ৰশাষন তথা চৰকাৰে খেলপথাৰখনৰ উন্নীতকৰণত গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়াই কয় যে-এই খেলপথাৰখন মিনি ষ্টেডিয়ামলৈ ৰূপান্তৰ নকৰা পৰ্যন্ত আমাৰ ধাৰাবাহিক গণতান্ত্ৰিক কাৰ্যসূচী অব্যাহত থাকিব।তাৰোপৰি ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ সমস্যা তথা সংস্থাপনৰ স্থায়ী সমাধানসূত্ৰ নকৰালৈকে আমি ক্ষান্ত নাথাকো।ৰাইজৰ প্ৰবল দাবীত আমৰণ অনশন স্থগিত ৰখা হৈছে যদিও উল্লেখিত তিনিওখন সমিতিৰ লগতে অসমবাসী ৰাইজৰ যৌথ প্ৰচেষ্টাত এই কাৰ্যসূচীয়ে জংগী ৰূপ লব আৰু তাৰ সমস্ত দায়িত্ব মূৰ পাতি লব লাগিব প্ৰশাসন, চৰকাৰে আৰু প্ৰাধিকৰণে।আজিৰ কাৰ্যসূচীৰ অংশৰূপে চাফাই অভিযানো চলাই খেলপথাৰখন পৰিস্কাৰ কৰে স্থানীয় ৰাইজে।কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী শিক্ষক নাৰায়ণ বনিয়াৰ লগতে পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মুকুট চন্দ্ৰ বৰা, উৰিয়াগাঁও আঞ্চলিক সমিতিৰ সভাপতি ৰাজ হাজৰিকা, সাধাৰণ সম্পাদক কৌশিক হাজৰিকা, জিলা সমিতিৰ সাংগঠনিক সম্পাদক দিপাংকৰ শৰ্মা, পুৰণিগুদাম আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক প্ৰাণকৃষ্ণ ডেকা আৰু উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থাৰ সভাপতি প্ৰভাত বৰা ,সম্পাদক ৰূপৰাম হাজৰিকা সমন্বিতে ব্যৱসায়ী সন্থাৰ শতাধিক সদস্যই।

You might also like