ঊষাপুৰত “দিহিঙৰ ইপাৰে সিপাৰে” শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰ– দুলীয়াজানৰ বিশিষ্ট পৰিৱেশ কৰ্মী ড০ নবীন বৰুৱাৰ একক প্ৰচেষ্টাৰে বসুধা পৰিয়ালৰ উদ্যোগত কালি শনিবাৰে ঊষাপুৰ ৰংমন বিহুতলী প্ৰাঙ্গনত “দিহিঙৰ ইপাৰে সিপাৰে” শীৰ্ষক এক ব্যতিক্ৰমী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। বৃক্ষৰোপণৰ উদ্দেশ্যেৰে প্ৰতিবছৰে ড০ বৰুৱাই অনুষ্ঠিত কৰি অহা এই অনুষ্ঠানত ১০১ টা গছ পুলি ৰোপণ কৰে ১০১ গৰাকী স্হানীয় বিশিষ্ট ব্যক্তিয়ে। এই উপলক্ষে কাৰ্যসূচী অনুসৰি স্মৃতি তৰ্পণ কৰে স্থানীয় গাওঁবুঢ়া ভৱকান্ত দত্তই। ইয়াৰ পিছতে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ শীৰ্ষক বিশেষ আলাপ অনুষ্ঠানৰ সঞ্চালনা কৰে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক হেমকান্ত গগৈয়ে। সাংবাদিক প্ৰাঞ্জল শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন শিক্ষক অৰুণ বৰদলৈয়ে আৰু উদ্বোধন কৰে নাহৰকটীয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শৰৎ গগৈয়ে। এই অনুষ্ঠানত উপস্থিত থাকি নামৰূপস্থিত উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা, শিক্ষয়িত্ৰী লখিমী চুতীয়া গগৈ, নেচাৰ্চ বেকনৰ সমন্বয়ক জয়ন্ত ভূঞা, ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক প্ৰদীপ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যাপক দিগন্ত তামুলী, আবৃত্তিকাৰ পল্লৱী বুঢ়াগোহাঁই, অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল বিভাগৰ শিক্ষক ভাৰ্গৱ দেৱ চৌধুৰী আদিয়ে পৰিৱেশ আৰু প্ৰকৃতি সন্দৰ্ভত বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে ঊষাপুৰৰ পৰা সামাজিক শৈক্ষিক অনুষ্ঠান বন – মাণিকীৰ গ্ৰাম্য বাৰ্তা খন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি ভূপেন শইকীয়াই। লগতে প্ৰকৃতিপ্ৰেমী ড০ নবীন বৰুৱাৰ কণিষ্ঠ কন্যা মৃগাংক্ষী বৰুৱাৰ জন্মদিন উপলক্ষে কেক কটাৰ লগতে উপস্থিত বয়োজ্যেষ্ঠ সকলে কন্যা গৰাকীক আৰ্শীবাদ প্ৰদান কৰে। অনুষ্ঠানত শিক্ষাবিদ অজিত বৰা, ড° অজিত শইকীয়া, গুনীন্দ্ৰ নাথ ফুকন, দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুহিকান্ত বুঢ়াগোহাঁই, বিশিষ্ট সমাজ সেৱক ফণীধৰ গগৈ, গৌতম বৰুৱা আদি উপস্থিত থাকে।