এইবাৰ কন্টেনাৰ বাহনত চোৰাং গৰু সৰবৰাহঃ কলিয়াবৰত বাহন দুৰ্ঘটনাগ্ৰস্ত, আঠটা গৰুৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ এইবাৰ কন্টেনাৰ গাড়ীত চোৰাং গৰু সৰবৰাহৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আজি পুৱাই এখন কন্টেনাৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতেই এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ জানিব পৰা মতে এ,এছ,০১চি,চি ০০৭৪ নম্বৰৰ কন্টেনাৰ বাহনত উজনি অসমৰ পৰা মেঘালয়লৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে গৰু আনি থকা অৱস্থাত আজি পুৱা নগাঁও জিলাৰ কলিয়াবৰ থানাৰ অন্তৰ্গত বৰুৱাচুকত দুৰ্ঘটনাত পতিত হয় ৷ জানিব পৰা মতে চোৰাং গৰু সৰবৰাহ কৰি অনা এই বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই বিদুৎতৰ খুটাত খুণ্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাৰ ফলত আঠটা কৈ গৰু মৃত্যু মুখ্যত পৰে ৷ছটা গৰু আহত হয় ৷ ইতিমধ্যে গাড়ীখন কলিয়াবৰ থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৷
অবশ্যে দুৰ্ঘটনা সংঘটিত কৰি বাহনখনৰ চালক -পৰিচালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ আৰক্ষী সুত্ৰই জনোৱা মতে গাড়ী খনত ২৫ টা গৰু আছিল ৷দুৰ্ঘটনাত পতিত হোৱা বাহন খন কুৰিয়াৰ সামগ্ৰী কঢ়িওৱা বাহন আছিল ৷ নগাঁও জিলাৰ ৩৬ নং আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰে চোৰাং গৰু প্ৰায়েই সৰবৰাহ হৈ আহিছে ৷ জিলা খনৰ কেইবাখনো আৰক্ষী থানাৰ সন্মুখেৰে চোৰাং গৰু ভৰ্ত্তি গাড়ী কি দৰে পাৰ হৈ যাব পাৰে তাক লৈ সচেতন মহলে প্ৰশ্ন তুলিছে ৷