একেদিনাই তিনি বিদ্যালয়ত পাঠদান বজালীৰ উপায়ুক্তৰ
নি়য়মীয়া বাৰ্তা, ২ এপ্ৰিলঃ আমাৰ শিক্ষাৰ্থীসকল যদি প্ৰাথমিক স্তৰৰ পৰাই দক্ষতাৰে নিৰ্মাণ হয় তেনেহলে ভৱিষ্যতৰ দিনত সেয়াই হব জাতিৰ বাবে শুভ সংবাদ৷ আমাৰ ৰাজ্যখনক সৰ্ব দিশতেই সমৃদ্ধ ৰূপত উজলাই তুলিবলৈ হলে শিক্ষাৰ্থীসকলক সম্পদ ৰূপে গঢ়িবই লাগিব৷ ইয়াৰ বাবে শিক্ষাগুৰু, অভিভাৱক তৎপৰ হোৱাৰ উপৰিও প্ৰশাসনো সতৰ্ক হব লাগিব৷ শিক্ষাৰ্থীৰ মেধা আছে৷ কিন্তু সেই মেধাক উপযুক্ততাৰে প্ৰয়োগ কৰি কাৰ্যক্ষেত্ৰত আগুৱাই নিয়াটোৱে হব লাগিব সকলোৰে মূল লক্ষ্য৷ এই মন্তব্য বজালী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ৷ প্ৰতিকুল বৰষুণকো নেওচি আজি পুৱা ন বজাৰ পৰা দিনৰ এক বজালৈ তিনিখন বিদ্যালয়ত একেৰাহে পাঠদান কৰি সংবাদ মাধ্যমক দেৱ চৌধুৰীয়ে ওপৰোক্ত ধৰণে অভিমত ব্যক্ত কৰে৷ জিলাখনৰ বামাখাটাৰ সমীপৰ ছহিদ অক্ষেন্দ্ৰ হাইস্কুল, চৌখুটীস্থিত চৌখুটী হাইস্কুল আৰু নিত্যানন্দৰ সমীপস্থ বাণী বিদ্যালয়ত উপস্থিত হৈ শিক্ষাৰ্থীসকলক উপায়ুক্তগৰাকীয়ে পাঠদান কৰি ভিন্ন দিশত আলোকপাত কৰে৷ শিক্ষাৰ্থীসকলে কেনেদৰে পঢ়িব, পৰীক্ষাৰ বাবে নিজকে কেনেদৰে সাজু কৰিব, কঠিন বিষয় পালে কি কৰিব ইত্যাদি সকলো কথা খৰচি মাৰি শিক্ষাৰ্থীসকলক উপায়ুক্তগৰাকীয়ে বুজাই দিয়ে৷
উল্লেখ্য যে অসম চৰকাৰে আৰোহণ নামৰ আঁচনিখন পুনৰ প্ৰৱৰ্তন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে৷ এই আঁচনি যোগে নৱম শ্ৰেণীৰ পৰীক্ষাত প্ৰথম হোৱা শিক্ষাৰ্থীগৰাকীৰ বাবে কেতবোৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু এই বিষয়ে শিক্ষাৰ্থী সকলক উপায়ুক্ত গৰাকীয়ে অবগত কৰাই নহয় তেওলোকক উৎসাহিতও কৰে৷ উল্লেখ্য যে উপায়ুক্তগৰাকীয়ে শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব পৰাকৈ বিগত সময়ত জিলাখনৰ কেবাখনো বিদ্যালয়ত মাজে সময়ে পাঠদান কৰি আহিছে যাৰ দ্বাৰা শিক্ষাৰ্থীসকল বাৰুকৈ মুগ্ধ হৈছে৷
প্ৰেৰকঃ কল্যাণ কলিতা