নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এজোপা গছক লৈ সংঘাত দুই ভাতৃৰ চোকা অস্ত্ৰৰ আক্ৰমণত আহত ১জন, পলাতক মনোজ সোণোৱালক গেপ্তাৰ 

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰ: ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকীৰ অন্তগত গৰুখুটি কছাৰী গাঁৱত এজোপা গছক লৈ হোৱা সংঘাতৰ ফলত দুই ভাত্‌য়ে এজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি পলায়ন কৰাৰ দৰে মানব সমাজক লজ্জ্বানত কৰা ঘটনাই প্ৰতিক্ৰিয়া স্‌ষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য মতে মনোজ সোণোৱাল আৰু বলেশ্বৰ সোণোৱাল নামৰ দুই ভাত্‌য়ে ২৯ আগষ্টত এজোপা গছ কটাত গৰুখুটি গাঁৱৰ জিন্তু সোণোৱাল নামৰ ব্যক্তি জনৰ আন এজোপা গছ ভাগি পৰে ৷ পিছদিনা ভগা গছজোপাক লৈ উভয় পক্ষৰ মাজত হোৱা আলোচনাত তিনি হাজাৰ টকা ক্ষতিপূৰণৰ বন্দোবস্তি কৰি থকাৰ সময়তে দুই ভাত্‌য়ে চোকা অস্ত্ৰৰে দুফালৰ পৰা জিন্তু সোণাৱালক আক্ৰমণ কৰি আহঁত কৰে ৷ মুৰ ,নাক আৰু মুখ মণ্ডলত গুৰুত্ব ভাবে আহঁত জিন্তুক ততাতৈয়াকৈ চিকিৎসাৰ ব্যৱস্থা কৰি ৩১ আগষ্টত ঘটনাৰ সন্দৰ্ভত জিন্তু সোণোৱালে সোণাৰি চাপৰি আৰক্ষী চকীত গোচৰ তৰে যদিও পলাতক দুই ভাত্‌ক কৰায়ত্ত কৰাত সাত দিনেই ব্যথ হয় সোণাৰি চাপৰি আৰক্ষী ৷ দুই ভাত্‌ৰ অতকিত আক্ৰমণত গুৰুতৰ ভাবে আহঁত জিন্তু সোণোৱালৰ অৱস্থা পিছলৈ সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় সঞ্জীৱনীত তিনিটা দিন আইচিইউত ৰখাৰ অন্তত ডিব্ৰুগড় মেদিকেল কলেজলৈ স্বানান্তৰ কৰে বুলি জানবলৈ দিয়ে পৰিয়ালে ৷

জিন্তু সোণোৱালৰ গোচৰৰ ভিত্তিত সোণাৰি চাপৰি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪১ / ৩২৬ /৫০৬ _ ৩৪ / আই পি চি ধাৰাত গোচৰ ৰুজু কৰি জোৰ অনুসন্ধান অব্যাহত ৰাখে যদিও সাত দিনে দুই অপৰাধীক গেপ্তাৰ কৰিব নোৱাৰাত আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া বুলি অভিযোগ তুলি অপৰাধীক গেপ্তাৰৰ দাবীত গৰুখুটি কছাৰী গাঁৱৰ এদল পুৰুষ মহিলাই সোণাৰি চাপৰি আৰক্ষী চকীত স্‌ষ্টি কৰে উতপ্ত পৰিস্থিতি ৷ ঘটনাৰ সংক্ৰান্তত সোণাৰি চাপৰি আৰক্ষী চকীৰ প্ৰভাৰী ক্‌ষ্ণ বাহাদুৰ চেত্ৰিএ লখিমপুৰ, ধেমাজি, মাজুলী আদিত চলোৱা কৌশলী অনুসন্ধান আৰু গোপন সুত্ৰৰ পম খেদি ৬ ছেপ্তেম্বৰৰ ৰাতি ঘিলামৰাৰ পৰা মনোজ সোণোৱাল নামৰ এজন অপৰাধীক গেপ্তাৰ কৰিবলৈ সক্ষম হয় যদিও আনজন অপৰাধী বলেশ্বৰ সোণোৱালক অদ্যাপি গেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও অচিৰেই জালত পৰিব বুলিও জানিবলৈ দিয়ে সোণাৰি চাপৰি আৰক্ষীয়ে ৷

প্ৰেৰক: ৰাজেশ বুঢ়াগোহাঞি

You might also like