নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰিত আশাকর্মীসহ ১১জন ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৫ জুলাই: বিগত ২৪ ঘণ্টাত ওদালগুৰি জিলাত নতুনকৈ ১১জন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ ইয়াৰে ওদালগুৰি সোণাই গাঁওস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত ২জন, ওদালগুৰি মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্রত ২জন, বামুণজুলি চাহ বাগিচা চিকিৎসালয়ত কোৱাৰেণ্টাইনত থকা এজন আৰু হোম কোৱাৰেণ্টাইনত থকা ৩জনৰ লগতে বৰংগাবাৰী চাহ বাগিচাত এগৰাকী আশাকর্মীও ক’ৰোনাত আক্রান্ত হৈছে৷ চহৰখনৰ মাজমজিয়া ৩নং ৱার্ডৰ নিজৰাপাৰা পথৰ প্রিয়ংকা লহকৰ নামৰ এগৰাকী যুৱতীও শেহতীয়াকৈ ক’ৰোনাত আক্রান্ত হৈছে৷

You might also like