নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ওদালগুৰি–ছয়গাঁৱত্ পথাৰতে পচিছে তৰমুজ–ষ্ট্রবেৰী

নিয়মীয়া বাৰ্তা, ২০ এপ্ৰিলঃ লকডাউনৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তৰ লগতে ওদালগুৰি জিলাৰ কৃষকসকল সংকটত পৰিছে৷ নিজৰ সাঁচি ৰখা ধন খৰচ কৰি আৰু বেংকৰ পৰা ঋণ লৈ খেতি কৰা কৃষকসকলে উৎপাদিত পাচলি, ফলমূল আদি কৃষি সামগ্রী বিক্রী কৰিব নোৱাৰি চকুলো টুকিবলগীয়া হৈছে৷ ওদালগুৰি জিলাত ষ্ট্রবেৰী আৰু তৰমুজ খেতিৰে স্বাৱলম্বিতাৰ সপোন দেখা বহু নিৱনুৱা যুৱক–যুৱতীৰ এতিয়া পানীত হঁাচ নচৰা অৱস্থা হৈছে৷ শ শ বিঘা মাটিৰ ষ্ট্রবেৰী আৰু তৰমুজৰ এতিয়া বিক্রীৰ সময় হৈছে যদিও লকডাউনৰ প্রভাৱৰ ফলত কৃষকসকলে বিক্রী কৰিব পৰা নাই তেওঁলোকৰ উৎপাদিত কৃষি সামগ্রী৷ ফলত বৃহৎ লোকচানৰ আশংকা দেখি ভাগি পৰিছে কৃষকসকল৷ ওদালগুৰি জিলাৰ মোহনপুৰ, কাজিয়ামাটি, হাপাগাঁও, সোণাইগাঁও, গৰৈমাৰী, বাদাগাঁও, তাৰাজুলি, দৈফাং, বান্দৰগুৰি, স্বপনগাঁও আদি অঞ্চলত উৎপাদিত কৃষি সামগ্রী বিক্রী কৰিব পৰা নাই কৃষকে৷ চৰকাৰে ঠায়ে ঠায়ে ঘৰে ঘৰে গৈ পাচলি বিক্রীৰ অনুমতি দিছে যদিও বৃহৎ হাৰত পাচলি আৰু ফলমূল উৎপাদন কৰি স্বাৱলম্বিতাৰ সপোন দেখা যুৱ কৃষকসকলৰ দ্বাৰা উৎপাদিত কৃষি সামগ্রীৰ বজাৰৰ অভাৱত তেওঁলোক লোকচানৰ আক্ষংকাত উদ্বিগ্ণ হৈ পৰিছে৷ ইপিনে, ওদালগুৰি জিলাত কৃষি সামগ্রী, ফলমূলক সাঁচি ৰখাৰ কোনো ব্যৱস্থা নথকাৰ বাবে সর্বাধিক ক্ষতিগ্রস্ত হৈছে শ শ বিঘা মাটিত কৰা অত্যধিক চাহিদাযুক্ত ফল ষ্ট্রবেৰী আৰু তৰমুজ খেতিয়কসকল৷ এই সন্দর্ভত ষ্ট্রবেৰীৰ খেতি কৰি বর্তমান লোকচানৰ সন্মুখীন হোৱা দুই কৃষক ক্রমে ২ নম্বৰ গৰৈবাৰীৰ ভৰত বডো আৰু পুৰণি হাপাগাঁৱৰ ৰণচাইগ্রা ব্রহ্মই তেওঁলোকে বর্তমান লোকচানৰ সন্মুখীন হোৱা ষ্ট্রবেৰীৰ খেতিৰ বিষয়ে জানিবলৈ দি কয় যে বিগত বর্ষৰ অক্টোবৰ মাহত তেওঁলোকে টকা ধাৰত লৈ প্রায় ৭ বিঘা মাটিত ৫ লাখ টকা ব্যয়েৰে ষ্ট্রবেৰীৰ খেতি আৰম্ভ কৰিছিল৷ কিন্তু বিগত প্রায় এমাহমানৰ পৰা পকিবলৈ আৰম্ভ কৰা ষ্ট্রবেৰীসমূহৰ কিছুসংখ্যক বিক্রী কৰিবলৈ সক্ষম হয় যদিও পৰৱর্তী সময়ত ক’ৰোনা ভাইৰাছৰ বাবে ঘোষণা কৰা লকডাউনৰ বাবে বৃহৎসংখ্যক ষ্ট্রবেৰী এতিয়া পথাৰতে পকি পচিবলৈ আৰম্ভ কৰিছে৷ এই ফলবোৰ পকাৰ পিছত কেৱল ৪০ ঘণ্টাহে ভালে থাকে যদিও ইয়াৰ পিছত পচিবলৈ আৰম্ভ হয়৷ ফলত উপায়ান্তৰ হৈ মূৰে–কপালে হাত দিছে এইসকল কৃষকে৷ এই তলাবন্ধৰ ফলত দুয়োগৰাকী কৃষকে প্রায় ৮ লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ কথা সদৰী কৰে৷ ঠিক একেদৰে ওদালগুৰিৰ সোণাইগাঁও অঞ্চলত তৰমুজ খেতিৰে স্বাৱলম্বনৰ সপোন দেখা চানচুমা দৈমাৰী নামৰ যুৱকজনে বিভিন্নজনৰ পৰা ধাৰ লৈ মুঠ ২৪ বিঘা মাটিত কৰিছিল তৰমুজৰ খেতি৷ উক্ত খেতিৰ বিনিময়ত যুৱকজনে প্রায় আঠ লাখ টকা খৰচ কৰি পোন্ধৰ লাখ টকা উপার্জনৰ সপোন দেখিছিল যদিও লকডাউনৰ বাবে উৎপাদিত তৰমুজ বিক্রী কৰিব নোৱাৰি হতাশাত ভুগিছে৷

You might also like