নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কঠীয়াতলী খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰত দিল্লীৰ অপৰিচিত মহিলাৰ সন্তান প্ৰসৱ

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ: পৃথিৱীত মানৱতাবোধ থকা ব্যক্তি এতিয়াও নাইকিয়া হৈ যোৱা নাই তাৰেই স্বাক্ষৰ বহন কৰিছে নগাঁৱৰ ৰাঙলু উৰিয়া গ্ৰাণ্ট টুবুকীৰ পাৰবিনা বেগম আৰু মাতৃ মঞ্জিলা বেগমে। দিল্লীত কৰ্মসূত্ৰে আছিল পাৰবিনা বেগম স্বামী পকা মিস্ত্ৰীৰ লগতে বসবাস কৰা পাৰবিনাই ঘৰে ঘৰে ঘৰুৱা কাম কৰি অৰ্থ উপাৰ্জন কৰিছিল। ৬ মানৰ আগত এটা মন্দিৰৰ কাষত অসহায় অৱস্থাত হিন্দীভাষী মহিলা গৰাকীক কোনো আত্মীয় নথকাৰ বাবে ভাৰা ঘৰলৈ আনি সন্মতি ক্ৰমে নগাঁৱৰ ৰাঙলুলৈ লৈ আহে আৰু সেই দিনৰ পৰা মঞ্জিলা বেগমে গৰ্ভৱতী গৰাকীৰ সকলো ৰক্ষণাবেক্ষণ দি আছিল।

ৰাঙলুৰ আশা কৰ্মীয়ে কথাটো পোহৰলৈ অনাত স্বাস্থ্য সঞ্চালকৰ অধীনত গঠন হোৱা কঠীয়াতলী “পখিলা” গোটে সকলো কথা বুজাই মঞ্জিলা বেগমৰ ঘৰৰ পৰা মহিলা গৰাকীক কঠীয়াতলী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে ১২ চেপ্তেম্বৰত আৰু সেই নিশাই ৯ মান বজাত প্ৰসূতি গৰাকীয়ে এটি কন্যা সন্তান জন্ম দিয়ে। খণ্ড স্বাস্থ্য সমন্বয়ক পুষ্পাঞ্জলী বৰঠাকুৰে জনোৱা মতে মহিলা গৰাকীৰ নাম সৰস্বতী শান্তি (২০) কোনো আত্মীয়ৰ নাম উল্লেখ কৰিব নোৱাৰা মানুহ গৰাকীক  আজি সমাজ কল্যাণ বিভাগৰ দ্বাৰা অনুমোদিত “সখী” একক অৱস্হান কেন্দ্ৰৰ CAOSC প্ৰমিলা কন্দলী আৰু CASE সংগীতা খাটনীয়াৰে বিভাগীয় নীতি অনুযায়ী কঠীয়াতলী খণ্ড প্রথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেন বেজবৰুৱাৰ অনুগ্ৰহত কন্যাসন্তান সহ মাতৃ গৰাকীক নগাঁৱস্হ “সখী” একক অৱস্হান কেন্দ্ৰলৈ নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। যথাসময়ত কঠীয়াতলী শিশু উন্নয়ন প্ৰকল্প আৰু সমাজ কল্যাণ বিষয়া ৰূপা হাজৰিকাৰ লগতে কঠীয়াতলী খণ্ড আঁচনি মেনেজাৰ প্ৰাণদীপ নাথ, আশাকৰ্মী ৰাণু বৰুৱা, খণ্ড গাননিক প্ৰবন্ধক কৃষ্ণকুমাৰ চাহানী, পৰামৰ্শদাতা তথা “পখিলা” গোটৰ সদস্য আৰাধনা বৰুৱাও উপস্থিত থাকে। ৰাঙলু উৰিয়া গ্ৰাণ্ট টুবুকীৰ গৃহত প্ৰসূতি গৰাকীক আশ্ৰয় দান কৰা মঞ্জিলা বেগম আৰু পাৰবিনা বেগমৰ মহানুভৱতাৰ প্ৰশংসা কৰিছে সকলো ৰাইজে।

You might also like