ক’ভিড প্ৰট’কল মানি ঢকুৱাখনা হোমেন বৰগোহাঞি ন্যাসত কথাশিল্পী গৰাকীৰ আদ্যশ্ৰাদ্ধ
নিয়মীয়া বাৰ্তা, ২২মে’: যোৱা ১২ মে’ত অসম সাহিত্য জগত উকা কৰি অনন্তধামলৈ মেলানি মগা কথা শিল্পী সাহিত্যিক সাংবাদিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক তথা ঢকুৱাখনাৰ চাৰিকড়িয়া নদীৰ আজন্ম প্ৰেমিক সদ্য প্ৰয়াত হোমেন বৰগোহাঞিৰ আদ্যশ্ৰাদ্ধ ভাগি ক’ভিড প্ৰট’কল ৰক্ষা কৰি ঢকুৱাখনাৰ হোমেন বৰগোহাঞিৰ ন্যাসতো অনুস্থিত কৰা হয় ৷ কথাশিল্পী গৰাকীৰ জন্ম গাঁও বালিগাঁৱৰ লগতে প্ৰেছ গীল্ড ঢকুৱাখনা আৰু হোমেন বৰগোহাঞি ন্যাসতো আজি ক’ৰোনাতংকৰ মাজতো ক’ভিড প্ৰট’কল মানি ধৰ্মীয় পৰম্পৰাৰে চাৰিকড়িয়া নদীৰ আজন্ম প্ৰেমিক গৰাকীৰ ১১ দিনীয়া আদ্যশ্ৰাদ্ধ ভাগি নিৰ্মীয়মাণ হোমেন বৰগোহাঞি ন্যাসৰ স্বায়ী ভবনত অনুষ্টুপীয়াকৈ অনুস্থিত কৰা হয় ৷
পুৱা ন্যাসৰ কৰ্মকৰ্তা তথা বিষয়ববীয়া সকলে কেইগৰাকীমান ভকত বৈষ্ণৱক আদৰি আনি ধৰ্মীয় পৰম্পৰাৰে কথাশিল্পী গৰাকীৰ প্ৰতিচ্ছবিত মাল্যবৰণ, বন্তি প্ৰজ্বলন, নাম প্ৰসংগ আদিৰে অসম সংবাদ জগতৰ মহীৰূহ গৰাকীৰ আদ্যশ্ৰাদ্ধ পালন কৰে ৷