ক’ভিড–১৯বিৰোধী সংগ্রামঃ জনসংযোগৰ ভূমিকাক ভূয়সী প্রশংসা মুখ্যমন্ত্রীৰ
নিয়মীয়া বার্তা, ৪ জুনঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বুধবাৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দিছপুৰ লাষ্টগেটস্থিত মুখ্য কার্যালয়ত উপস্থিত হৈ বিভাগটোৰ কাম–কাজৰ পর্যালোচনা কৰাৰ উপৰি বিভাগটোৰ বিষয়া–কর্মচাৰীসক সৈতে মত বিনিময় কৰে৷ মত বিনিময় কৰি মুখ্যমন্ত্রীয়ে ক’ভিড–১৯ৰ সংক্রমণৰ জটিল সময়ত বিভাগটোৱে এক অত্যাৱশ্যকীয় বিভাগ হিচাপে জনসাধাৰণক অহর্নিশে সজাগ আৰু সচেতন কৰাৰ দিশত লোৱা ভূমিকাৰ শলাগ লয়৷
বিভাগটোৰ বিষয়াসকলৰ সৈতে ইয়াৰ কাম–কাজৰ পর্যালোচনা কৰাৰ বাবে অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে জনসংযোগ হ’ল চৰকাৰৰ চকু আৰু কাণৰ লেখীয়া৷ চৰকাৰৰ নীতি আৰু আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে জনসাধাৰণৰ মতামত আৰু অভাৱ–ভিযোগসমূহৰ বিষয়ে চৰকাৰক অৱগত কৰোৱাৰ দিশত এই বিভাগটোৰ ভূমিকা অপৰিহার্য৷ তথ্যৰ কোনো বন্ধৰ দিন নাথাকে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে এই বিভাগটোৱে চৰকাৰৰ তথ্যসমূহৰ সময়সাপেক্ষে সৰবৰাহৰ দিশত দিনে–নিশাই কাম কৰি জনসাধাৰণলৈ সম্পূর্ণ পেছাদাৰী মনোভাৱেৰে কাম কৰাৰ বাবে দৃঢ়তাৰে পদক্ষেপ ল’ব লাগিব৷ মুখ্যমন্ত্রীয়ে লগতে ছ’চিয়েল মিডিয়াৰ অপপ্রয়োগ সম্পর্কত জনসাধাৰণক বিশেষকৈ যুৱ প্রজন্মক তৃণমূল পর্যায়ত সজাগ আৰু সচেতন কৰাৰ দিশত বিভাগটোৱে অগ্রণী ভূমিকা ল’ব লাগিব৷
তথ্য আৰু জনসংযোগ বিভাগৰ সক্রিয় উপস্থিতি যাতে অসমৰ সকলো অঞ্চলৰ জনসাধাৰণে উপলব্ধি কৰিব পাৰে আৰু বিভাগটোৱে যাতে চৰকাৰৰ এক অন্যতম বিভাগ হিচাপে জনসাধাৰণৰ হূদয় জিনিব পাৰে তেনে মানসিকতাৰে উদ্ভাৱনীমূলক কামেৰে আগুৱাই যোৱাৰ পৰিকল্পনা কৰিব লাগিব৷ বৈঠকৰ পিছতে সাংবাদিকৰ সৈতে হোৱা কথা–বতৰাত মুখ্যমন্ত্রীয়ে কয় যে ক’ভিড–১৯ৰ বিৰুদ্ধে অসমৰ জনসাধাৰণে দৃঢ়তাৰে যুঁজ দিছে৷ এইখিনি সময়ত অসম চৰকাৰেও জনসাধাৰণলৈ উপযুক্ত সেৱা আগবঢ়োৱাৰ যৎপৰোনাস্তি প্রচেষ্টা চলাইছে৷ অসম চৰকাৰৰ স্বাস্থ্য, গৃহ বিভাগ, পৰিবহণ, জনস্বাস্থ্য কৰিকৰী বিভাগ, আগ্ণিনির্বাপন ইত্যাদি বিভাগৰ লগতে তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া–কর্মচাৰীসক উল্লেখযোগ্য ভূমিকা পালন কৰিছে৷ এই সময়ছোৱাত এই বিভাগৰ কর্মকর্তাসকলেও অসমৰ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ দিশত বিশেষ ভূমিকা পালন কৰিছে৷ বিভিন্ন অপপ্রচাৰ তৎকালীনভাৱে নাইকিয়া কৰাৰ বাবেও বিভাগে পদক্ষেপ লৈছে৷
জনসাধাৰণক এইক্ষেত্রত সজাগ আৰু সচেতন কৰি তুলি আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তে আপত্তিজনক মন্তব্য আৰু বিবৃতি, ঘৃণাৰ বাতৰি বিয়পোৱা ৰোধ কৰাৰ দিশত তৎপৰতাৰে পদক্ষেপ গ্রহণ কৰি অসমৰ ৰাইজক সজাগ আৰু সচেতন কৰাৰ দিশত বিভাগটোৱে ক্ষিপ্র ব্যৱস্থা গ্রহণ কৰিছে৷ অসমৰ বিভিন্ন জিলা তথা মহকুমাত থকা জনসংযোগৰ কর্মকর্তাসকলে স্থানীয় সাংবাদিসকলৰ সহযোগত এই সময়ছোৱাত জনসচেতনতামূলক কামত ব্রতী হৈছে৷