নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়া–যোগীঘোপাত্ উৎখাত দুটা অবৈধ কাঠফলা মিল

নিয়মীয়া বাৰ্তা, ২৯ ডিচেম্বৰঃ জনিয়া সমষ্টিৰ পূব কলগাছিয়াত শনিবাৰে বন বিভাগ আৰু এছ এছ বি জোৱানে অভিযান চলায়৷ এই অভিযানত এটা অবৈধ কাঠফলা মিলৰ ভেটি উচ্ছেদ কৰাৰ লগতে মেচিনসহ লক্ষাধিক টকাৰ কাঠ জব্দ কৰিবলৈ সক্ষম হয়৷

বৰপেটাৰোড আঞ্চলিক বন বিভাগৰ বন বিষয়া জয়ন্ত দাসৰ নির্দেশ মর্মে সৰভোগ বন শাখা বিষয়া ভূবেন চন্দ্র ডেকাৰ নেতৃত্বত আৰু হাউলীৰ এছ এছ বি জোৱানৰ এটা শক্তিশালী দলে অবৈধ কাঠফলা মিল উচ্ছেদৰ বাবে জনিয়া সমষ্টিৰ বিভিন্ন এলেকাত অভিযান চলায়৷

বন বিভাগৰ এই অভিযান চলিয়েই থাকিব বুলি সাংবাদিকক জানিবলৈ দি সৰভোগৰ বন শাখা বিষয়াগৰাকীয়ে কয় যে চৰকাৰৰ নির্দেশক অমান্য কৰি চোৰাংভাৱে কাঠৰ ব্যৱসায় আৰু অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে বন বিভাগ সদায় সাজু আছে বুলি মন্তব্য প্রকাশ কৰি এইক্ষেত্রত সচেতন মহলৰ সহায়–সহযোগিতা কামনা কৰে৷

You might also like