নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলবাৰীৰ শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত সহস্ৰাধিক বন্তি প্ৰজ্বলনেৰে ৯০ সংখ্যক পালনাম মহোৎসৱৰ শুভাৰম্ভণি

নিয়মীয়া বাৰ্তা,১৫ মে’ : ভৱানীপুৰ বিধানসভা সমষ্টিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰত আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে ৯০ সংখ্যক পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ। উল্লেখ্য যে আজি সন্ধিয়া সত্ৰত পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহৰ শুভাৰম্ভ কৰা হয়। মুখ্য বন্তিগছি প্ৰজ্বলন কৰে শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত তালুকদাৰে।পালনাম মহোৎসৱ আৰু বীৰনাম সমাৰোহ উদযাপন সমিতিৰ মুখ্য সম্পাদক পৰীক্ষিত বায়নে আত ধৰা আৰু সভাপতি কল্যান দাসে আদৰণি জনোৱা বন্তি প্ৰজ্বলন কাৰ্যক্ৰমণিকাত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত তালুকদাৰ আৰু সম্পাদক হৰিচন্দ্ৰ দাসে বক্তৃতা প্ৰদান কৰে। উল্লেখ্য যে শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰ চৌহদত সহস্ৰাধিক বন্তি প্ৰজ্বলনত উজ্বলি উঠে ঐতিহাসিক কলবাৰী শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰ আতা সত্ৰ।লগতে অগণন ভক্তৰ সমাবেশ ঘটে।লগতে কলবাৰী গাঁৱৰ প্ৰতি ঘৰৰ পদূলিয়ে পদূলিয়েও বন্তি প্ৰজ্বলন কৰে।কাইলৈৰ পৰা ১৭ মে’লৈ দুয়োটা দিনতে বাৰ ঘণ্টীয়া অখণ্ড পালনাম আৰু বীৰনাম সমাৰোহ অনুষ্ঠিত হ’ব।

You might also like