কাইলৈ প্ৰকাশ পাব খচৰা তালিকা, ১২ তাৰিখে ৰাইজে দিব পাৰিব ওজৰ-আপত্তি
- বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াক আদৰণি ইউবিপিঅৰ
নিয়মীয়া বাৰ্তা,৩ মে’ঃ তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত বিটিএডিৰ বাহিৰৰ বাইশখন জিলাক সামৰি গঠন হোৱা
বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ
সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাম কাইলৈৰ পৰা আৰম্ভ হ’ব। অসম চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগ তথা পৰিষদৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰ্তৃপক্ষই এই সংক্ৰান্তত জাৰি কৰিছে জাননী। কাইলৈ অৰ্থাৎ ৪ মে’তাৰিখে বড়ো কছাৰী কল্যাণ স্বায়ত্বশাসিত পৰিষদৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা প্ৰকাশ পাব। অহা ১২ মে’ তাৰিখে এই বিষয়ত ৰাইজে ওজৰ আপত্তি দাখিল কৰিব পাৰিব আৰু অহা ২০ মে’তাৰিখে ওজৰ আপত্তি সমূহ মীমাংসা কৰিব। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে পৰিষদৰ পৰা কেতবোৰ গাওঁ কৰ্তন আৰু নতুনকৈ কেতবোৰ গাওঁ অন্তৰ্ভুক্ত কৰিব। তৃতীয় বড়ো শান্তি চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী সংগঠন সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী আৰু সাধাৰণ সম্পাদক পীতাম্বৰ ব্ৰহ্মই
চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই সময়নিৰ্ধাৰিতভাৱে সমষ্টি নিৰ্ধাৰণৰ কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাইছে।