নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ আঠগাঁৱত এইবাৰো ১২ জুলাইতে ছিগিল ৮০ কোটিৰ মথাউৰি

নিয়মীয়া বার্তা, ১৩ জুলাইঃ আঠগাঁওবাসীৰ বাবে পুনৰ অভিশপ্ত হ’ল পুঠিমাৰী নৈৰ মথাউৰি৷ ৰুষ্ট প্রকৃতিয়ে এইবাৰো এৰি নিদিলে বানেধোৱা আঠগাঁৱৰ লগতে প্রতিৱেশী প্রায় কুৰিখন গাঁও৷ ১২ জুলাইৰ দিনটো পুনৰ অভিশপ্ত হ’ল আঠগাঁওবাসীৰ বাবে৷

উল্লেখ্য যে যোৱা বর্ষৰ ১২ জুলাইৰ দিনটো কমলপুৰ আৰু হাজোবাসীৰ বাবে আছিল এক অভিশপ্ত দিন৷ পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে কালৰূপ ধাৰণ কৰি যোৱা বর্ষৰ ১২ জুলাইত কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত আঠগাঁৱৰ বাঁহবৰীত মথাউৰি ছিঙি হাজো আৰু কমলপুৰবাসীক লাওলোৱা অৱস্থা কৰিছিল৷ তাৎপর্যপূর্ণ কথা এই যে এটা বছৰ সম্পূর্ণ হোৱাৰ দিনটোতে কাহিলিপুৱাই পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত কাবিলাত মথাউৰি ছিঙি হাজো ৰাজহ চক্রৰ উত্তৰাঞ্চল আৰু কমলপুৰ ৰাজহ চক্রৰ অন্তর্গত বিস্তীর্ণ অঞ্চল বুৰাই পেলায়৷

পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে কাবিলাত প্রায় এশ মিটাৰ মথাউৰি ছিঙি সৃষ্টি কৰা প্রলয়ংকৰী বানে পুনৰ গাঁওবাসীৰ জীৱনলৈ নমাই আনিছে ঘোৰ অমানিশা৷ সময় যোৱাৰ লগে লগে এই প্রলয়ংকৰী বানে কমলপুৰ আৰু উত্তৰ হাজোৰ কেইবাশ গাঁৱৰ লক্ষাধিক পৰিয়ালৰ ঘৰ–বাৰী বুৰাই পেলোৱাৰ আশংকা নিশ্চিত হৈ পৰিছে৷ ভগ্ণ মথাউৰিৰে তীব্র বেগে ওলাই থকা পানীয়ে কৃষিজীৱী অঞ্চলটোৰ খেতিপথাৰ আৰু মাছ পোহা পুখুৰীৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি কৰিছে৷

মন কৰিবলগীয়া যে যোৱাটো বছৰ আঠগাঁৱত প্রায় ১.৮০ মিটাৰ পুঠিমাৰী নৈৰ মথাউৰি ছিগাৰ পাছত যি বিভীষিকা সৃষ্টি হৈছিল, তাৰ পৰিত্রাণৰ বাবে অসম চৰকাৰে মথাউৰিটো পুনৰ নির্মাণৰ লগতে গডকাপ্ঢানী পথলৈ ৰূপান্তৰৰ স্বার্থত প্রায় ৮০ কোটি টকা আবণ্টন দি শীঘ্রে নির্মাণৰ কাম বিভাগক অর্পণ কৰিছিল যদিও বিভাগৰ দায়িত্বজ্ঞানহীনতাৰ বাবে মথাউৰি ছিগি যোৱা বুলি ৰাইজৰ অভিযোগ তোলাত কামৰূপৰ উপায়ুক্তগৰাকীয়ে বিষয়টো তদন্ত কৰা হ’ব বুলি সদৰী কৰে৷

You might also like